বিশেষ বাৰ্তা, ৩০ মেঃ ৰাজ্যৰ আৰক্ষীয়ে নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে কংগ্ৰেছ নেতা তথা পাঞ্জাবী গায়ক সিদ্ধু মুছৱালাক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। পঞ্জাৱ আৰক্ষীয়ে জনোৱা মতে, গেং-ৱাৰৰ বাবেই যেন এই আক্ৰমণ সংঘটিত হৈছে। আৰক্ষীয়ে লগতে জনাইছে যে কানাডাস্থিত গেংষ্টাৰ গোল্ডী ব্ৰাৰে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। বিতৰ্ক আৰু মুছৱালা যেন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।
খুবে কম বয়সত পৰিচিতি লাভ কৰিছিল মুছৱালাই। জীৱনৰ বিশৰ দশকতেই ষ্টাৰডম উপভোগ কৰা তেওঁৰ দৰে গায়ক বৰ কমেই আছে। কলেজৰ দিনতে সংগীত শিকা মুছৱালাই শিক্ষা সমাপ্ত কৰাৰ পিছত কানাডালৈ গুচি যায়। কিন্তু ‘গেংষ্টাৰ ৰেপ’ৰ বাবে বহুলভাৱে চৰ্চিত হৈছিল। ইনষ্টাগ্ৰামত ৬৯ লাখ অনুগামী থকাএইজন গায়ক যুৱক-যুৱতীসকলৰ মাজত বৰ জনপ্ৰিয় আছিল। কিন্তু তেওঁ গীতৰ জৰিয়তে ড্ৰাগছ আৰু হিংসাৰ প্ৰচাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই তেওঁক ঘেৰি ৰাখিছিল। উদাহৰণস্বৰূপে, তেওঁৰ ‘জট্টি জিঅ’নে মৰহ ৱাৰগী’ শীৰ্ষক এটা গীতত ১৮ শতিকাৰ শিখ যোদ্ধা মাই ভগোৰ উল্লেখ আছিল। হিংসাক প্ৰচাৰ কৰা আৰু শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবেও মুছৱালাৰ বিৰুদ্ধে বহুতো এফআইআৰ ৰুজু হৈছিল। কিন্তু শিখ যোদ্ধাজনক দুৰ্বলভাৱে চিত্ৰিত কৰাৰ বাবে বেয়াকৈ সমালোচিত হোৱাৰ পিছতে তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল।
ক’ভিড মহামাৰীৰ সময়ত এ কে-৪৭ লৈ ছ’চিয়েল মিডিয়াত ফটোত প’জ দি ভাইৰেল হোৱাৰ পিছতে মুছৱালাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। পৰৱৰ্তী সময়ত ২০২০ চনত বন্দুক সংস্কৃতিৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীয়েও অস্ত্ৰ আইনৰ অধীনত গোচৰ তৰিছিল। তেওঁৰ এটা গীত ‘পাঞ্জ গোলিয়া’ৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। উল্লেখ্য যে, এবছৰতকৈও অধিক সময় ধৰি চলা দিল্লী সীমান্তত কৃষকসকলৰ প্ৰতিবাদত সমৰ্থন আগবঢ়াইছিল তেওঁ।
বিতৰ্ক ইয়াতেই শেষ নহ’ল কিয়নো ২০২০ চনৰ জুলাইত ‘সঞ্জু’ শীৰ্ষক আন এটা গীতেও একেদৰেই বিতৰ্কৰ সূচনা কৰিছিল। গীতটোত তেওঁ নিজকে বলীউডৰ অভিনেতা সঞ্জয় দত্তৰ সৈতে তুলনা কৰিছিল। যোৱা বছৰ মুছৱালা আৰু পাঁচজন আৰক্ষী জোৱানৰ বিৰুদ্ধে এটা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল, কাৰণ তেওঁ ফায়াৰিং ৰেঞ্জত গুলীচালনা কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ২০২১ চনৰ ডিচেম্বৰত ৰাজনীতিত ভৰি দি বিতৰ্কিত পাঞ্জাৱী গায়কজনে কংগ্ৰেছত যোগদান কৰে আৰু মানছাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়।