অইলৰ চিভিল বিষয়াৰ চহী-ষ্টাম্প জাল কৰি লোহা চুৰি ঠিকাদাৰৰ; আৰক্ষী থানাত এজাহাৰ
নিয়মীয়া বাৰ্তা, ৩০ মে’: ধুৰন্ধৰ ঠিকাদাৰৰ কৱলত অইল ইণ্ডিয়া লিমিটেড । ৰহস্যজনকভাৱে অইল ইণ্ডিয়াৰ চিভিল বিভাগৰ বিষয়াৰ হস্তাক্ষৰ আৰু ষ্টাম্প জাল কৰি লক্ষাধিক মূল্যৰ লোহাৰ ৰ’ড নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা অইল উদ্যোগিক এলেকাৰ পৰা লৈ উধাও হয় ঠিকাদাৰ । ২৮ মে’ৰ দুপৰীয়া প্ৰায় ১১ বজাত তৈলনগৰীত সংঘটিত এই ৰহস্যঘন চুৰি ঘটনাই চহৰখনত সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিন দুপৰতে দুলীয়াজানৰ ৰাজপথেৰে অইলৰ উৎপাদনী কাৰ্যত ব্যৱহৃত মূল্যবান লোহাৰ ৰ’ড চুৰি কৰি সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত হৰপাল সিং নামৰ উপ ঠিকাদাৰ জন। প্ৰাপ্ত খৱৰ অনুসৰি বিভাগীয় বিষয়াৰ জাল হস্তাক্ষৰ আৰু ষ্টাম্প ব্যৱহৃত গেট পাচ লৈ দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ সমীপৰ ৩০৮ নম্বৰ ৰ’ড পামৰ (ঢেকী খাদ) পৰা ৩০ ফুটীয়া ৩৫ ডাল ৰ’ড অইলৰ ৱৰ্কশ্বপলৈ বুলি লৈ যায় ঠিকাদাৰ হৰপালে। কিন্তু প্ৰকৃতাৰ্থত হৰপালে তিনিখন ঠেলা ব্যৱহাৰ কৰি লৈ যোৱা লোহাখিনি অইলৰ ৱৰ্কশ্বপৰ পৰিবৰ্তে এলেকাটোৰ বাহিৰত অৱস্থিত ট্ৰাক ষ্টেণ্ডলৈ কঢ়িয়াই তাৰে এখন বাকচযুক্ত ট্ৰাকত লোহাৰখিনি উঠাই উধাও হোৱা বুলি অইল নিৰাপত্তাৰক্ষীয়ে জানিবলৈ দিছে।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে অইল নিৰাপত্তাৰক্ষীয়ে দুলীয়াজান বুদ্ধ মন্দিৰ পথৰ নিৱাসী হৰপাল সিঙৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে এই ঘটনাৰ তাৎক্ষণিক তদন্ত অনুসৰি অইলৰ সুৰক্ষা বিষয়া ৰঞ্জিত মাহাতুৰ তত্বাৱধানত পৰিদৰ্শক গোপাল বড়া আৰু উপ পৰিদৰ্শক বিনয় গগৈ লগতে দুলীয়াজান আৰক্ষীয়ে যৌথভাৱে পলাতক হৰপালৰ অনুসন্ধানত নামি পৰে যদিও অভিযুক্ত হৰপালৰ শুংসূত্ৰ অদ্যাপি আৰক্ষীৰ হাতত পৰা নাই । আনহাতে তদন্তকাৰী আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ দলে ঠেলাৱালা কেইজনক আটক কৰে সম্প্ৰতি নজৰবন্দীত ৰাখিছে । ইফালে চুৰি মূল্যবান সামগ্ৰীখিনি বহিঃৰাজ্যত বিক্ৰী কৰাৰ আশংকা ব্যক্ত কৰিছে অইল নিৰাপত্তৰক্ষীয়ে।