নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবর্ণনীয় কষ্ট সহ্য নহ’লঃ শিবিৰ এৰি পলায়ন কৰা দুই আলফা অৰুণাচলৰ আৰক্ষীৰ জিম্মাত

নিয়মীয়া বাৰ্তা, ১জুন: আলফা (স্বাধীন)ৰ ম্যানমাৰৰ ন’মেনছ লেণ্ডত অৱস্থিত হাঁছী কেম্পৰ পৰা পলায়ন কৰা দুই সদস্য ক্রমে শ্যামল বৰুৱা আৰু সুৰজিৎ গগৈক কালি আন্তঃৰাষ্ট্রীয় সীমাৰ নিডচিং গাঁৱত আছাম ৰাইফলছৰ এটা টহলদাৰী দলে আটক কৰে৷ প্রায় আঠ মাহ পূূর্বে নিষিদ্ধঘোষিত সংগঠনটোত যোগদান কৰা শ্যামলৰ ঘৰ তিনিচুকীয়াৰ মামৰনিত আৰু সুৰজিতৰ ঘৰ পেঙেৰীত৷ সংগঠনত যোগদান কৰি যুৱকদ্বয়ে নাম লৈছিল ক্রমে নিয়ৰ অসম আৰু খেপ’ অসম৷

উল্লেখ্য যে সম্প্রতি অৰুণাচল আৰক্ষীৰ জিম্মাত থকা যুৱকদ্বয়ে সদৰী কৰা মতে বিগত ২৫ মে’ত শিবিৰৰ দায়িত্ববাহীৰ নির্দেশ অনুযায়ী চাউল আনিবলৈ ওলাই অহাৰ ছলেৰে সংগঠন ত্যাগ কৰি পলায়ন কৰে৷ পলাতক আলফা সদস্যদ্বয়ক দেখা মাত্রকেই গুলী কৰাৰ নির্দেশ দিছিল সংগঠনটোৰ নেতৃত্বহ আৰু ইয়াকে লৈ বিগত সময়ছোৱাত সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছিল৷ আটকাধীন আলফাৰ সদস্যদ্বয়ক আছাম ৰাইফলছে অৰুণাচলৰ খুনচা থানাত গতাই দিয়ে৷ মূলতঃ শিবিৰত সন্মুখীন হোৱা অবর্ণনীয় কষ্টৰ বাবেই এওঁলোকে সংগঠন এৰি পলায়ন কৰাৰ কথা প্রাৰম্ভিকভাৱে জানিবলৈ দিছে৷ ইফালে, তেওঁলোকে পলায়ন কৰা শিবিৰটোত এতিয়াও তিনিগৰাকী মহিলা কেডাৰসহ মুঠ ২৬–২৭গৰাকী সদস্য থকা বুলি প্রকাশ কৰিছে৷

You might also like