নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাজমহলৰ শৌচালয়ৰ কাষতেই ৰাধাকৃষ্ণৰ ফটো, ধৰ্ণাত বহিছে সন্যাসী

বিশেষ বাৰ্তা, ১ জুনঃ শ্বেতশুভ্র মার্বল পাথৰ দি তৈয়াৰ কৰা প্রেমৰ সৌধ তাজমহল। বিগত কিছু সময়ৰ পৰা এই সৌধক লৈ এটাৰ পাছত আনটো বিতর্কৰ সৃষ্টি হৈছে। আকৌ শীর্ষত উঠিছে নতুন বিতর্কই। যাৰ কেন্দ্র তাজমহলৰ ৰাধাকৃষ্ণ। এই বিখ্যাত সৌধৰ ফটো গেলাৰীত গ’লেই দেখা যাব সেই ৰাধাকৃষ্ণৰ ফটোখন। সেই গেলাৰী তাজমহলৰ শৌচালয়ৰ কাষতেই, এতিয়ালৈ কোনেও মন কৰা নাছিল কথাটো। অথবা মন কৰিলেও গুৰুত্ব দিয়া নাছিল। এইবাৰ সেই ঘটনাক লৈ উত্তৰপ্রদেশৰ এজন সন্ন্যাসী ক্ষুব্ধ হৈছে। অবিলম্বে ৰাধাকৃষ্ণৰ ফটো আঁতৰোৱাৰ দাবীত তাজমহলৰ গেটৰ বাহিৰতে ধৰ্ণাত বহিছে তেওঁ। তাজমহলৰ ৰাধাকৃষ্ণৰ ফটোখন ২০ বছৰ ধৰি ৰখা আছে সৌধৰ ফটো গেলাৰীত। মঙলবাৰে তাকে লৈ তাজমহল চৌহদত হৈ-চৈ আৰম্ভ হয়। খবৰ পাই পুৰাতত্ত্ব বিভাগৰ কর্মীও আহি উপস্থিত হয়। সন্ন্যাসীজনে ধমক দিয়ে যে শৌচালয়ৰ কাষৰ গেলাৰীৰ পৰা ৰাধাকৃষ্ণৰ ফটো নাতৰালে তাজমহলৰ ভিতৰতে পুজো-পাঠ আৰম্ভ কৰিব তেওঁলোকে।

You might also like