নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান, গোচৰ ৰুজু

বিশেষ বাৰ্তা, ২ জুন : চৰাইদেউ জিলা আবকাৰী বিভাগ তথা আৰক্ষীয়ে বিগত দুদিন ধৰি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্ততঃ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবাশ লিটাৰ অবৈধ ঘৰুৱা মদ জব্দ কৰাৰ লগতে কেইবাটাও গোচৰ ৰুজু কৰে৷সেই অনুসৰি চৰাইদেউ জিলা আবকাৰী বিভাগে নামতোলা আৰক্ষীৰ সহযোগত আজি অসম-নগালেণ্ড সীমান্তৱৰ্তী অশ্বিনীবিল অঞ্চলৰ কেইবাটাও হাবিতলীয়া অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়৷ অভিযানকালত আবকাৰী বিভাগে চুলাই মদ প্ৰস্তুত কৰিবৰ বাবে সাজু কৰি ৰখা পাঁচশ লিটাৰ গেলা পাছ, ৩০ লিটাৰ বিক্ৰীৰ বাবে ৰখা চুলাই মদ জব্দ কৰি নষ্ট কৰে৷ সোণাৰি আৰক্ষীৰ সহযোগত কালি সোণাৰি ৰজাপুখুৰীত অবৈধ চুলাই মদৰ বিৰুদ্ধে চলোৱা অভিযানত অঞ্চলটোৰ কেইবাটাও অবৈধ চুলাই মদ প্ৰস্তুত কৰা ভাটি ধ্বংস কৰাৰ লগতে মদ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা প্ৰায় ৩০০ লিটাৰ গেলা পাছ নষ্ট কৰাৰ উপৰি বিক্ৰীৰ বাবে সাজু কৰি ৰখা ২৫ লিটাৰ চুলাই মদ জব্দ কৰে৷ অভিযানকাৰী দলটোৱে পাঁচটা গোচৰ ৰুজু কৰাৰ লগতে দুটা মদ ব্যৱসায়ীক আটক কৰা বুলি জানিবলৈ দিছে৷ আনহাতে, মৰাণহাট আৰক্ষীয়ে মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঁচাপুখুৰী আৰু জংঘলব্লক অঞ্চলত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও চুলাই মদৰ ঘাটি ধ্বংস কৰাৰ লগতে প্ৰায় ২০০ লিটাৰ গেলা পাছ, বিক্ৰীৰ বাবে সাজু কৰি ৰখা ৫০ লিটাৰ চুলাই মদ আৰু ৩৫ কেজি লাওপানী ঠাইতে নষ্ট কৰি পেলায়৷ অভিযানকাৰী দলটোৱে ৫টা গোচৰ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়৷ ইফালেদি, জিলাখনৰ মথুৰাপুৰ থানাৰ অন্তৰ্গত মথুৰাপুৰ কোঁৱৰ গাঁও আৰু অসম নগালেণ্ড সীমান্তৱৰ্তী নিমনাগড়ৰ চিংফাং অঞ্চলটো অবৈধ সুৰা বিৰোধী অভিযান চলোৱা হয়৷ মথুৰাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ বড়াৰ নেতৃত্বত চলোৱা অবৈধ সুৰা বিৰোধী অভিযানত অভিযানকাৰী দলটোৱে বিশালসংখ্যক বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷

প্ৰেৰক দীপাংকৰ পাল

You might also like