বদলা পদ্ম আতাৰ আৱির্ভাৱ মহোৎসৱত অংশগ্রহণ মুখ্যমন্ত্রীৰঃ উত্তৰ কমলাবাৰী সত্রৰ কীর্তন ঘৰ উদ্বোধন কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৮ জুনঃ যশ, ৰস, শ্রবণ, কীর্ত্তন, শৰণ, ভজন, ভক্তিতত্ব প্রকাশ কৰি শ্রীশ্রীবদলা পদ্ম আতাই অসমীয়া জাতীয় জীৱনত গতি সঞ্চাৰ কৰিছিল৷ সমাজ সংগঠনত মহাপুৰুষগৰাকীৰ আন এটি অতি মহৎ কীর্তি হৈছে সমাজত সকলো সম্প্রদায়ৰ মাজত উদাৰ, ওখ, সাম্যভাৱ বিস্তাৰ৷ সনাতন ধর্ম তথা সংসৃক্তিৰ ক্ষেত্রখনত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শ্রীশ্রীমাধৱদেৱে দেখুৱাই যোৱা পথেৰে নতুন মাত্রা যোগ দি শ্রীশ্রীবদলা পদ্ম আতাই যি দর্শন প্রতিষ্ঠা কৰি গৈছে, সেই দর্শনে অসমীয়া জাতিক আত্মবিশ্বাস দান কৰিছে৷ আজি শ্রীশ্রী উত্তৰ কমলাবাৰী সত্রত আয়োজিত শ্রীশ্রীবদলা পদ্ম আতাৰ ৪৭৬ সংখ্যক আৱির্ভাৱ মহোৎসৱত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে কয়৷ মুখ্যমন্ত্রীয়ে কয় যে পঞ্চদশ শতিকা আছিল অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ সময়৷ অসমৰ সমাজ জীৱন আগুৰি ধৰা অধর্মৰ কলীয়া ডাৱৰ আঁতৰ কৰিবলৈ সেই সময়ত অসম ভূমিত জন্মগ্রহণ কৰিছিল কেইবাগৰাকীও মহাপুৰুষে৷ সেই মহাপুৰুষসকলে ভক্তিমার্গ দর্শনৰ জৰিয়তে সনাতন আধ্যাত্মিক জীৱনশৈলীৰে অসমীয়া সমাজক দিছিল এক নতুন প্রত্যয় আৰু অসীম প্রেৰণা৷ এইসকল বৈষ্ণৱ গুৰুৰ বৈষ্ণৱ ভক্তি আদর্শই অসমক অধর্মৰ কৰাল গ্রাসৰ পৰা মুক্ত কৰি এখন ঐক্যবদ্ধ, শিষ্ট সমাজ গিিছিল আৰু অসমীয়া জাতি সত্ত্বাৰ শক্তিশালী বুনিয়াদ নির্মাণ কৰিছিল৷ যিকেইগৰাকী মহাপুৰুষে বৈষ্ণৱ সংসৃক্তিক এক নতুন মাত্রা প্রদান কৰিছিল সেইসকলৰ ভিতৰত শ্রীশ্রীবদলা পদ্ম আতা আছিল অন্যতম৷ অসমৰ বৈষ্ণৱ গুৰুসকলে আগবেোৱা একশৰণ ভাগৱতী ধর্ম ভাগৱতৰ আধাৰত গঢ় লোৱা এক উদাৰ ধর্মীয় চেতনা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাগৱতৰ শিক্ষাৰ সৈতে তেওঁলোকে যুক্ত কৰিছিল প্রাচীন পৰম্পৰাৰ কিছু উপাদান৷ মধ্য যুগৰ সামাজিক সংস্কাৰৰ এক গুৰুত্বপূর্ণ অংশ আধ্যাত্মিক জীৱনবোধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এখন সমাজক আধ্যাত্মিকভাৱে শক্তিশালী কৰিব নোৱাৰিলে মূল্যবোধ, নৈতিকতা আৰু শৃংখলিত সমাজ এখন গঢ়িব নোৱাৰি৷ সেই কথা বদলা পদ্ম আতাই দেখুৱাই গৈছে৷ তেৰাৰ মানসিক স্থিতপ্রজ্ঞতা ইমানেই প্রবল আছিল যে সাংসাৰিক মোহবন্ধনৰ পৰা মুক্ত হৈ আধ্যাত্মিক শৈলীক এক আন্দোলন হিচাপে গঢ় দিয়াৰ যুঁজত নিজকে বিলীন কৰি দিছিল৷ তেৰাই মহাভাৰত, গীতা, ৰত্নাৱলীৰ কথাবিলাক সহজ আৰু সুমধুৰ ভাষাত ৰাইজক অৱগত কৰি সমাজত এক আধ্যাত্মিক চেতনা জগাই তুলিছিল৷ মুখ্যমন্ত্রীয়ে কয় যে শ্রীশ্রীবদলা পদ্ম আতা আছিল মহাপুৰুষ মাধৱদেৱৰ এগৰাকী প্রপন্ন শিষ্য৷ ভাগৱত দশম, কীর্ত্তন, ৰত্নাৱলীতত্বৰ লগতে নাট্যৰস ভাণ্ডাৰ, বাদ্যৰসৰ ভাণ্ডাৰ, গীত চপয়, টোতয়, ভতিমা ৰসৰ ভাণ্ডাৰ, নৃত্যৰাজিৰ অফুৰন্ত সমাহাৰ সকলোখিনিয়েই মহাপুৰুষ মাধৱদেৱে পদ্ম আতাক দান কৰিছিল৷ মুখ্যমন্ত্রীয়ে কয় যে তাঁতীকুছিৰ পৰা উজনি অসমলৈ কৰা পদ্ম আতাৰ যাত্রা আছিল অসমৰ বৈষ্ণৱ আন্দোলনৰ এটা মাইলৰ খুঁটি৷ মুখ্যমন্ত্রীয়ে কয় যে অসমত মহাপুৰুষ দুজনাই আৰম্ভ কৰা নৱবৈষ্ণৱ আন্দোলনত সত্রৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রীমাধৱদেৱ, শ্রীশ্রীদামোদৰদেৱ, শ্রীশ্রীবদলা পদ্ম আতা, শ্রীশ্রীভট্টদেৱ আদি মহাপুৰুষসকলৰ পৃষ্ঠপোষকতাত অসমত গিি উঠা সত্রসমূহৰ ধাৰণাটো ভাগৱত চর্চাৰ সৈতে সংযুক্ত কৰি চাব পৰা যায়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ আদর্শৰে সত্রীয়া জীৱনধাৰা অধিক শক্তিশালীকৰণৰ বাবে বদলা পদ্ম আতাই মাজুলীত শ্রীশ্রীকমলাবাৰী সত্র প্রতিষ্ঠা কৰে৷ শ্রীশ্রীবদলা পদ্ম আতা শৌর্য–বীর্যৰ প্রতীক আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে তেৰাৰ সাহস আৰু কর্মপ্রেৰণাই আজিও সকলোকে অনুপ্রাণিত কৰে৷ তেৰাৰ আদর্শৰ মাজেদি সমাজ সংস্কাৰৰ দিশটোও অনুভৱ কৰিব পৰা যায় বুলিও মুখ্যমন্ত্রীয়ে কয়৷ বাল্য বিবাহৰ বিষম পৰিণতিৰ কথা তেৰাই তেতিয়াই উল্লেখ কৰি গৈছে৷ ব্রিটিছৰ শাসন কালত বাল্য বিবাহ আৰু কু–সংস্কাৰৰ বিৰুদ্ধে যি গণজাগৰণ হৈছিল তেনে আন্দোলন বদলা পদ্ম আতাই মধ্য যুগতে সূচনা কৰিছিল৷ এনেবোৰ বিষয় অধ্যয়ন আৰু প্রচাৰ কৰিব নোৱাৰা বাবে সর্বভাৰতীয় পর্যায়ত আতাৰ অৰিহণাসমূহ সঠিকভাৱে তুলি ধৰিব পৰা হোৱা নাই বুলিও বুলি মুখ্যমন্ত্রীয়ে কয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে শিক্ষাৰ প্রসাৰ আৰু পৰিৱেশন সচেতনতাৰ দিশত আতাই লোৱা ভূমিকাৰ বিষয়ে আলোকপাত কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে আজি একবিংশ শতিকাত এইগৰাকী আতাৰ প্রাসংগিকতা অধিক বৃদ্ধি পাইছে৷ তেৰাই দি যোৱা আদর্শৰে আমি সকলোৱে জীৱনৰ বাটত আগবািি যোৱাৰ প্রয়াস কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আজিৰ এই সভাত মুখ্যমন্ত্রীয়ে কলিয়াবৰত শ্রীশ্রী বদলা পদ্ম আতাৰ নামত এটি নামঘৰ নির্মাণৰ বাবে কৰা ঘোষণা কার্যকৰীকৰণৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১ কোটি টকা শীঘ্রে মুকলি কৰি দিয়া হব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ তদুপৰি শ্রীশ্রী উত্তৰ কমলাবাৰী সত্রৰ ভকতৰ বহা পুনৰ নির্মাণৰ বাবে অসম চৰকাৰে ১ কোটি টকা আগবঢ়াব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে৷ মুখ্যমন্ত্রীয়ে অসম চৰকাৰৰ অনির্দ্ধাৰিত পুঁজিৰ ৫০ লাখ টকাৰে নৱনির্মিত শ্রীশ্রী উত্তৰ কমলাবাৰী সত্রৰ কীর্তন ঘৰটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ আনহাতে মুখ্যমন্ত্রীয়ে সত্রীয়া সংসৃক্তিৰ চানেকি বহন কৰা প্রদর্শনীস্থলো দর্শন কৰে৷ অনুষ্ঠানত শ্রীশ্রী উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দ্দন দেৱ গোস্বামী, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ পৱিত্র মার্ঘেৰিটা, মাজুলীৰ বিধায়ক ভুবন গাম, ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্রৰ সহক্ষেত্র প্রচাৰক বশিষ্ঠ বুজৰবৰুৱা প্রমুখ্যে কেইবাগৰাকীও সত্রাধিকাৰ আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷