নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা BTAD হ’ব BTR , কি কি আছে এই শান্তি চুক্তিত ?

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ সোমবাৰে নতুন দিল্লীত স্বাক্ষৰিত হয় বড়ো শান্তি চুক্তি । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত স্বাক্ষৰিত হয় এই চুক্তি । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত এনডিএফবৰ চাৰিওটা গোটে স্বাক্ষৰ কৰে এই শান্তি চুক্তিত । ৰঞ্জন দৈমাৰী, হাগ্ৰামা মহিলাৰী , বি চাওৰাইগ্ৰাৰ , প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰীৰ লগতে ৰাজ্য চৰকাৰৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

শান্তি চুক্তি অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক পৰিসৰ আৰু অধিকাৰ সম্প্ৰসাৰণ কৰি এতিয়াৰে পৰা জনা হ’ব বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন অৰ্থাৎ BTR ৰূপে । এই চুক্তি অনুসৰি ৩ বছৰত ১৫০০ কোটি টকাৰ বিশেষ পেকেজ দিয়া হ’ব বিটিআৰক । বড়োসকলৰ ভাষা-সংস্কৃতিৰ সুৰক্ষা দিয়াৰ লগতে জনজাতিৰ ভূমিৰ অধিকাৰ সংৰক্ষণ হ’ব । সংবিধানৰ ১২৫ সংশোধনীৰ জৰিয়তে বিটিচি বিধানপালিকাক বিত্ত কাৰ্যপালিকা আৰু প্ৰশাসনিক অধিকাৰ প্ৰদান কৰা হৈছে । বড়ো আন্দোলনৰ শ্বহীদসকললৈ ৫ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰিব ।

বড়ো আন্দোলনৰ মুখ্য নেতা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ স্মৃতিত বড়োভূমিত গঢ়ি তোলা হ’ব সাংস্কৃতিক কেন্দ্ৰ । ইয়াৰোপৰি বৰমাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ লগতে এখন ক্ৰীড়া বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠা কৰা হ’ব । চিকিৎসাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি এখন কেন্দ্ৰীয় চিকিৎসালয়ো নিৰ্মাণ কৰা হ’ব বিটিআৰত । এনডিএফবিৰ চাৰিওটা গোটৰ স্বাক্ষৰৰ লগতে এই শান্তি চুক্তিত উত্তৰ-পূবৰ গৃহ সচিব আৰু ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণণেও স্বাক্ষৰ কৰে ।

You might also like