কাইলৈ ওড়িশাত ভাৰত–দঃ আফ্রিকা দ্বিতীয় টি–২০
নিয়মীয়া বাৰ্তা, ১১ জুনঃ ভাৰত আৰু দক্ষিণ আফ্রিকা ক্রিকেট দলৰ খেলুৱৈসকল আজি ওড়িশাত উপস্থিত হৈছে৷ অহা ১২ জুনত কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি–২০ মেচৰ বাবে দল দুটা আজি কঠিন নিৰাপত্তাৰ মাজেৰে ইয়াত উপস্থিত হয়৷ দল দুটাৰ খেলুৱৈসকল দিনৰ ২ বজাত বিজু পাটনায়ক আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়৷ বিমানবন্দৰৰ বাহিৰত অসংখ্য অনুৰাগীয়ে ভিৰ কৰাৰ লগতে তেওঁলোক থকা হোটেলৰ বাহিৰতো বহু লোক উপস্থিত হয়৷ বিমানবন্দৰত ওড়িশা ক্রিকেট সন্থাৰ কর্মকর্তাসকলে খেলুৱৈসকলক আদৰণি জনায়৷ দেওবাৰে খেলিব লগীয়া মেচখনৰ পূর্বে ৰাজ্যখনৰ আৰক্ষী প্রশাসনে বাৰাৱতী ষ্টেডিয়ামৰ চৌপাশে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ মেচ উপলক্ষে সেইদিনা ষ্টেডিয়ামত যথেষ্টসংখ্যক ভি আই পি আৰু ভি ভি আই পি উপস্থিত হোৱাৰ কথা৷