নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱ মন্ত্রীক গুৰু দায়িত্ব

ক্ষমতাকেন্দ্রিক ৰাজনীতিত মন্ত্রীৰ গুৰুত্ব অপৰিসীম হিচাপে বিবেচিত হৈ আহিছে৷ একো একোজন মন্ত্রীৰ হাতত থাকে গুৰু দায়িত্ব৷ আৰু থাকে সীমাহীন ক্ষমতা৷ এই দায়িত্ব আৰু ক্ষমতাৰ সন্তুলনত মন্ত্রীজনে দেখুওৱা পাৰদর্শিতা নির্ভৰ কৰে তেওঁৰ কর্মদক্ষতাৰ ওপৰত৷ কর্মদক্ষ মন্ত্রী এজনে তেওঁৰ বিভাগীয় দায়িত্ব আৰু মন্ত্রী হিচাপে লাভ কৰা ক্ষমতাৰ সন্তুলন বজাই ৰাখি কার্য সম্পাদন কৰিলে জনগণৰ উপকাৰ হোৱাৰ সম্ভাৱনা সর্বাধিক৷ এনে মন্ত্রীৰ কার্যদক্ষতাই এখন দেশ অথবা ৰাজ্যক আগুৱাই লৈ যাবলৈ সক্ষম হয়৷ প্রতিজন মন্ত্রীৰ এনে কাম–কাজে চৰকাৰখনক কল্যাণকামী চৰকাৰ হিচাপে প্রতিষ্ঠা কৰে৷ অনেক জল্পনা–কল্পনাৰ অন্তত বৃহস্পতিবাৰে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনৰ প্রথমটো সম্প্রসাৰণ ঘটোৱা হৈছে৷ এই সম্প্রসাৰণ ক্ষুদ্র ৰূপত হৈছে যদিও বিভিন্ন গুৰুত্বপূর্ণ বিভাগৰ ৰদ–বদলেৰে মুখ্যমন্ত্রীয়ে চৰকাৰখন কর্মক্ষম আৰু কল্যাণকামী কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰাটো স্পষ্ট হৈ পৰিছে৷ চৰকাৰখনৰ বর্ষপূর্তিৰ এমাহ পাছতেই হোৱা সম্প্রসাৰণত নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু হাফলঙৰ পৰা নির্বাচিত হোৱা নন্দিতা গার্লোছাক মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হৈছে৷ শপতগ্রহণৰ পাছতেই জয়ন্ত মল্ল বৰুৱাক জনস্বাস্থ্য কাৰিকৰী, পর্যটন, দক্ষতা, নিয়োগ–উদ্যমিতা বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে৷ একেদৰে নন্দিতা গার্লোছাক শক্তি, সমবায়, খনি আৰু খনিজাত পদার্থ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰৰ দায়িত্ব দিয়া হৈছে৷
দুয়োগৰাকী নতুনকৈ অন্তর্ভুক্ত যুৱ মন্ত্রীকে যথেষ্ট গুৰুত্বপূর্ণ বিভাগৰ দায়িত্ব দি মুখ্যমন্ত্রীয়ে মন্ত্রীসভাত যুৱচামক বিশেষ গুৰুত্ব প্রদান কৰাটো স্পষ্ট হৈ পৰিছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগটো ৰাজ্যখনৰ বাবে এই মুহূর্তত সবাতোকৈ গুৰুত্বপূর্ণ বিভাগ হিচাপে পৰিগণিত হৈছে৷ কিয়নো সমগ্র দেশত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘ঘৰ ঘৰ জল’ মিছনেৰে দেশৰ প্রতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী পোৱাটো নিশ্চিত কৰাৰ বাবে অভিলাষী আঁচনি জল জীৱন মিছন ৰূপায়ণ হৈ আছে৷ ইতিমধ্যে ২০২৪ চনৰ ভিতৰত প্রতিটো পৰিয়াললৈ খোৱাপানীৰ সংযোগ নিশ্চিত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ সেইবাবেই এই বিভাগটোত এতিয়া এই আঁচনি ৰূপায়ণ মূল লক্ষ্য হৈ পৰিছে, যাতে ৰাজ্যৰ প্রতিটো পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰে৷ যোৱা এটা বছৰত জল জীৱন মিছন ৰূপায়ণৰ ক্ষেত্রত আহি পৰা স্থবিৰতা দূৰ কৰিবৰ বাবে পূর্বৰ মন্ত্রীগৰাকীৰ হাতৰ পৰা এই দপ্তৰ আঁতৰাই এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দৰে গতিশীল যুৱ নেতাৰ হাতত জনস্বাস্থ্য কাৰিকৰী বিভাগ অর্পণ কৰা হৈছে বুলি সহজেই অনুমান কৰিব পাৰি৷ এইক্ষেত্রত নৱনিযুক্ত মন্ত্রীগৰাকী কিমান সফল হয় সেয়া সময়ে মূল্যায়ন কৰিব৷ ইফালে, হাফলঙৰ প্রতিনিধি হিচাপে পাহাৰীয়া জিলাখনৰ জনজাতীয় সমাজক প্রতিনিধিত্ব কৰা নন্দিতা গার্লোছাক অর্পণ কৰা হৈছে শক্তি আৰু সমবায়ৰ দৰে গুৰুত্বপূর্ণ বিভাগ৷ উল্লেখ্য যে ৰাজ্যৰ শক্তি বিভাগটো সবাতোকৈ আসোঁৱাহপূর্ণ বুলি বিবেচিত গুৰুত্বপূর্ণ বিভাগ৷ এতিয়া সম্পূর্ণ আর্থ–সামাজিক ব্যৱস্থাটোৱেই যিহেতু শক্তিনির্ভৰ, সেয়ে বিদুৎ উৎপাদন, বিদ্যুৎ যোগানৰ দৰে দায়িত্ব অর্পিত বিভাগ এটা পৰিচালনা কৰাটো যথেষ্ট কঠিন৷ সেইবাবেই নন্দিতা গার্লোছাৰ দৰে মেধাসম্পন্ন প্রথমবাৰৰ বাবে নির্বাচিত বিধায়ক এগৰাকীৰ ওপৰত এই গুৰু দায়িত্ব অর্পণ কৰি মুখ্যমন্ত্রীয়ে মেধাসম্পন্ন যুৱপ্রজন্মৰ ওপৰত থকা নিজৰ বিশ্বাস পুনৰ প্রমাণ কৰিছে৷ একেদৰে সমবায় অথবা সাংস্কৃতিক বিভাগটোও যথেষ্ট গুৰুত্বপূর্ণ বিভাগ ৰূপে পৰিচিত৷ যি সময়ত মুখ্যমন্ত্রীয়ে গৰুখুঁটি প্রকল্পৰ দৰে কৃষি প্রকল্পৰ জৰিয়তে ৰাজ্যত এটা কর্মসংস্কৃতিৰ সমবায় আন্দোলনৰ জৰিয়তে সংস্থাপনৰ পথ মুকলি কৰাৰ পৰিকল্পনা হাতত লৈছে, তেনে সময়তে নন্দিতা গার্লোছাৰ দৰে নৱপ্রজন্মৰ প্রতিনিধিৰ হাতত এই বিভাগৰ দায়িত্ব অর্পণ কৰাটো তাৎপর্যপূর্ণ৷ ইয়াৰ উপৰি জয়ন্ত মল্ল বৰুৱাক পর্যটন বিভাগৰ দায়িত্ব অর্পণ কৰি এই বিভাগটো গতিশীল কৰাৰ প্রচেষ্টা হাতত লৈছে মুখ্যমন্ত্রী ড০ শর্মাই৷ আনহাতে, এগৰাকী জনজাতীয় বিধায়কৰ হাতত ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দায়িত্ব অর্পণ কৰি মুখ্যমন্ত্রীয়ে অসমৰ বহুধাবিভক্ত সাংস্কৃতিক পৰিক্রমাক এক নতুন ৰূপ দিয়াৰ পৰিকল্পনা হাতত লোৱা যেন অনুমান কৰা হৈছে৷ মন্ত্রীসভাৰ সম্প্রসাৰণত দুজন যুৱ মন্ত্রীৰ ওপৰত দিয়া গুৰুদায়িত্বই অনাগত দিনত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্রত থকা মুখ্যমন্ত্রীৰ নিজস্ব ধ্যান–ধাৰণা প্রতিফলিত কৰি তুলিছে৷

You might also like