প্ৰাক্তন আলফা নেতালৈ প্ৰাক্তন আলফাৰ তীক্ষ্ণ বাক্যবাণঃ প্ৰবাল-জিতেন-মৃণালে জীৱনটো ধ্বংস কৰিলেঃ প্ৰাক্তন আলফা পানিকা
বিশেষ বাৰ্তা, ১১জুনঃ একালৰ বিয়াগোম আলফা নেতা প্ৰবাল নেওগ,জিতেন দত্ত আৰু মৃনাল হাজৰিকাই জীৱনটো ধ্বংস কৰিলে বুলি অকপটে স্বীকাৰ কৰিলে একালৰ সতীৰ্থ পানিকাই।ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিয়েই সাংবাদিকৰ আগত কৰিলে এনে বিস্ফোৰক মন্তব্য।’লঘু ভুল,গুৰু শাস্তি’…হয়,ডিব্ৰুগড়ৰ আদালতত নিৰ্দ্ধাৰিত সময়মতে হাজিৰ হব নোৱাৰাৰ বাবেই উলাইছিল এৰেষ্ট ৱাৰেণ্ট! আৰু তাৰ পাছত সুদীৰ্ঘ পাঁচ বছৰ কাৰাগাৰত বন্দিত্ব জীৱন।অৱশেষত কালি নিশা কাৰাগাৰৰ পৰা ওলাবলৈ সক্ষম হয় আলফাৰ আলোচনা পন্থী গোটৰ সদস্য আন্দোলন পানিকা। আইনী প্ৰক্ৰিয়াত কোনো লোকে সহায় কৰিবলৈ আগবাঢ়ি নহাৰ বাবেই বিগত ৫টা বছৰে থাকিবলগীয়া হল ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত। অসম আন্দোলনৰ সময়ত জন্ম হোৱাৰ বাবে পিতৃ-মাতৃয়ে নাম ৰাখিছিল আন্দোলন পানিকা।স্বাধীন অসমৰ সপোন দেখি ২০০২ চনত ডিব্ৰুগড় জিলাৰ নামৰূপ কাৱৈমাৰীৰ বাসিন্দা আন্দোলন পানিকাই যোগদান কৰিছিল নিষিদ্ধ ঘোষিত সংগঠন আলফাত।পৰৱৰ্তী সময়ত ২০০৭ চনত গ্ৰেপ্তাৰ হোৱাৰ পিছত যুদ্ধ বিৰতি গোটৰ কেম্পত আছিল আন্দোলন পানিকা। বিবাহৰ পিছত ঘৰত থাকি বিভিন্ন কৰ্মৰে জীৱন নিৰ্বাহ কৰি আছিল যদিও দৰিদ্ৰ পৰিয়ালটোত পত্নী,দুই পুত্ৰ আৰু একমাত্ৰ জীয়ৰীৰ সৈতে কোনো মতে জীৱন নিৰ্বাহ কৰিছিল।তেনে সময়তে আলফাৰ পুৰনি এক গোচৰত নিৰ্দ্ধাৰিত তাৰিখত আদালতত উপস্থিত হোৱাৰ বাবে পানিকালৈ আহিল চমন।কিন্তু দুৰ্ভাগ্যবশত চমন লাভ নকৰাত পানিকাৰ বিৰুদ্ধে ওলাল এৰেষ্ট ৱাৰেন্ট।পৰৱৰ্তী সময়ত এৰেষ্ট হোৱাৰ পিছত জামিন লবলৈ অথবা উকীলৰ সৈতে যোগাযোগ কৰি আইনী প্ৰক্ৰিয়াত আগবাঢ়িবলৈয়ো অসমৰ্থ হল দৰিদ্ৰ পৰিয়ালটো।পানিকাৰ একালৰ সতীৰ্থসকলেও জানিছিল আন্দোলন পানিকা কাৰাগাৰত থকাৰ কথা।কিন্তু কোনো এজনেও আগবাঢ়ি অহা নাছিল বুলি বহু ক্ষোভৰে পানিকাই প্ৰকাশ কৰে।অৱশেষত মনিকাঞ্চন বড়া নামৰ এজন যুকৰ প্ৰচেষ্টাত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে আন্দোলন পানিকাই।আলফা নেতা মৃনাল হাজৰিকাই কেৱল খৱৰ লৈয়েই দায়িত্ব সামৰাত তীব্ৰ ক্ষোভ উজাৰে আন্দোলনে।আলফা নেতা প্ৰবাল নেওগ, জিতেন দত্ত অথবা আন সতীৰ্থসকলে এবাৰো খৱৰ নললে সতীৰ্থ আন্দোলন পানিকাৰ।এইসকল নেতায়েই তেঁওলোকৰ জীৱন ধ্বংস কৰা বুলি ক্ষোভ প্ৰকাশ কৰে আন্দোলনে।২০১৮ চনৰ পৰা পাঁচটাকৈ বছৰ কাৰাগাৰত থকাৰ পিছত এতিয়া কি কৰিব থিৰাং কৰিব পৰা নাই আন্দোলনে । ইফালে, স্বামী অবিহনে তিনি সন্তানৰ সৈতে পানিকাৰ পত্নীয়ে বহু দুখ-কষ্টৰে পাঁচটা বছৰ পাৰ কৰিবলগীয়া হল।সেয়ে পৰিয়ালটোক এক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহবান জনাইছে আন্দোলন পানিকাই।
প্ৰেৰক বিভাস দুৱৰা