ছয়গাঁও মহাবিদ্যালয়ত ১০ দিনীয়া যোগ কৰ্মশালাৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১২ জুন : বৃহত্তৰ ছয়গাঁও অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান ছয়গাঁও মহাবিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত যোৱাকালিৰে পৰা ১০ দিনীয়াকৈ যোগ কৰ্মশালা কামৰূপ জিলা ক্ৰীড়া কাৰ্যালয় আৰু ছয়গাঁও মহাবিদ্যালয় আই কিউ এ চি তথা এন এচ এচ গোটৰ উদ্যোগত আৰম্ভ হয় । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ নগেন কলিতা, অধ্যক্ষ ডঃ নৱ কুমাৰ কলিতা, শৈক্ষিক তত্বাৱধায়ক কমল ঠাকুৰীয়া, হিন্দী বিভাগৰ মূৰব্বী অধ্যাপক ধীৰেন চন্দ্ৰ দাস, বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক অৰূপ কুমাৰ মেধী, গণিত বিভাগৰ মূৰব্বী অধ্যাপক ডঃ বনমালী নাথ। অনুষ্ঠানটো আঁত ধৰে মহাবিদ্যালয়ৰ এন এচ এচ আঁচনি বিষয়া ড. লক্ষ্য শৰ্মাই। দহদিনীয়া শিবিৰটোত প্ৰায় ষাঠি গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত অসম চৰকাৰৰ কামৰূপ জিলা ক্ৰীড়া বিভাগৰ তৰফৰপৰ প্ৰীতিৰেখা বৰুৱাই ভাগ লয়।
প্ৰেৰকঃ বিশ্বজিৎ কলিতা