নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুবালাৰ জীৱনীমূলক ছবি সন্দৰ্ভত কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰে ক’লে…

বিশেষ বাৰ্তা, ১৩ জুনঃ বলীউডৰ প্ৰবীণ অভিনেত্ৰী মধুবালাই তেওঁৰ অভিনয় আৰু সৌন্দৰ্যৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিছিল। তেওঁৰ প্ৰতিখন ছবিয়েই হীট হৈছিল আৰু দৰ্শকৰ দৃষ্টি নিৱদ্ধ হৈ আছিল তেওঁৰ ওপৰত। তেওঁৰ প্ৰতিটো হাঁহিৱে অনুৰাগীক মুগ্ধ কৰিছিল। ব্যক্তিগত জীৱনৰ দৰেই মধুবালাৰ চলচ্চিত্ৰ যাত্ৰাও সুন্দৰ আছিল। মধুবালাৰ জীৱন এখন ছবিতকৈ কম নহয়। বহু ছবি নিৰ্মাতাই এইগৰাকী অভিনেত্ৰীৰ জীৱনক লৈ ছবি নিৰ্মাণ কৰিব বিচাৰে। মধুবালাৰ ভগ্নী মধুৰ ভূষণে তেওঁৰ জীৱনীমূলক ছবি এখন নিৰ্মাণৰ কথা ভাবিছে। মধুবালাৰ আত্মজীৱনীমূলক ছবিখনক লৈ তেওঁৰ স্বামী কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰৰ কোনো সমস্যা নাই। হিন্দী চিনেমাৰ প্ৰখ্যাত অভিনেতা তথা কণ্ঠশিল্পী কিশোৰ কুমাৰৰ দ্বিতীয় পত্নী আছিল মধুবালা। কিশোৰ কুমাৰৰ প্ৰথম পত্নী ৰুমা গুহৰ পুত্ৰ অমিত কুমাৰে মধুবালাৰ বায়’পিক সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিছে। ইটাইমছক দিয়া এক সাক্ষাৎকাৰত অমিত কুমাৰে কয় যে– কিয় নহয়? আজিকালি সকলোৰে জীৱনক লৈ ছবি নিৰ্মাণ হয়। দেউতাৰ জীৱনকলৈও ছবিৰ কাম আৰম্ভ কৰিছোঁ আমি৷ উল্লেখনীয় যে মধুবালাৰ বায়’পিক বিষয়টোত বহুদিনৰ পৰা খবৰ ওলাই আছে। এতিয়ালৈকে কিন্তু কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাছিল। অনুৰাগীয়ে মধুবালাৰ জীৱনৰ বিষয়ে জানিব বিচাৰে আৰু তেওঁৰ বায়’পিকলৈ অপেক্ষা কৰি আছে।

You might also like