সেনাবাহিনীত চাৰি বছৰীয়া নিযুক্তিঃ ৰাজনাথ সিঙে ঘোষণা কৰিলে অগ্নিপথ আঁচনি
বিশেষ বাৰ্তা, ১৪ জুনঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ঘোষণা কৰিলে অগ্নিপথ আঁচনি। ইয়াৰ দ্বাৰা সেনাবাহিনীক পুনৰ হ্ৰস্বম্যাদী সেনাবাহিনীত স্থাপন কৰিবলৈ লক্ষ্য লোৱা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে তিনিওজন সেনা প্ৰধানৰ সৈতে এক সংবাদমেলত এই কথা ঘোষণা কৰিছে। দেশৰ যুৱকসকলৰ বাবে চাৰি বছৰীয়া নিযুক্তি পৰিকল্পনা এয়া। এই যুৱকসকলক অগ্নিবীৰ বুলি সম্বোধন কৰা হ’ব। চাৰি বছৰ সেৱাৰ সময়ছোৱাত দিয়া হ’ব ভাল দৰমহা আৰু সুবিধা। তিনিওটা সেৱাৰ মুৰব্বীসকলে দুসপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সৈনিক নিযুক্তিৰ বাবে অগ্নিপথ আঁচনিৰ বিষয়ে অৱগত কৰিছিল। চাৰি বছৰৰ পাছত সৈনিকসকলৰ সেৱাৰ পৰ্যালোচনা কৰা হ’ব। পৰ্যালোচনাৰ পিছত একাংশ জোৱানৰ সেৱাকাল বৃদ্ধি কৰিব পাৰে। বাকীবোৰক অৱসৰ দিয়া হ’ব। চাৰি বছৰীয়া চাকৰি এটাত ছয়ৰ পৰা ন মাহৰ প্ৰশিক্ষণো থাকিব। অৱসৰৰ পিছত তেওঁলোকে পেঞ্চন নাপাব, কিন্তু এককালীন ধন আগবঢ়োৱা হ’ব। আটাইতকৈ উল্লেখনীয় কথাটো হ’ল যে এতিয়া সেনাৰ জোৱানসকলক জাতি-ধৰ্ম আৰু অঞ্চল অনুযায়ী নিযুক্তি দিয়া নহ’ব। বৰঞ্চ দেশবাসী হিচাপেহে নিযুক্তি দিয়া হ’ব৷ অৰ্থাৎ যিকোনো জাতি, ধৰ্ম আৰু অঞ্চলৰ যুৱকে যিকোনো পোষ্টৰ বাবে আবেদন কৰিব পাৰে। আঁচনিখনৰ সেউজ সংকেত পোৱাৰ পাছত আগষ্ট মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।