পুনৰ ফোনত কথা-বতৰা পুটিন-জিনপিঙৰঃ ৰাছিয়ালৈ সহযোগৰ আশ্বাস চীনৰ ৰাষ্ট্ৰপতিৰ
বিশেষ বাৰ্তা, ১৬ জুন: আমেৰিকাৰ সকীয়নিক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাছিয়াৰ সমৰ্থনত ঠিয় দিছে বিশ্বৰ আন এখন শক্তিধৰ দেশ চীনে। কালি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত পুনৰ টেলিফোনিক বাৰ্তালাপ হয়। ইয়াতেই ৰাছিয়াৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ দোহাইৰে দেশখনলৈ সমৰ্থন থকাৰ কথা জনাইছে। ইউক্ৰেইনত ৰুছ সেনাৰ অভিযানক গৰিহণা দিয়াৰ পৰা বিৰত থাকি দুয়োখন দেশৰ সহযোগ একেই থাকিব বুলি ঘোষণা কৰে চীনা ৰাষ্ট্ৰপ্ৰধানগৰাকীয়ে। তেওঁ পাশ্চাত্যৰ অৱৰোধক নস্যাৎ কৰি পুটিনক কূটনৈতিক সমৰ্থনৰ নিশ্চয়তা প্ৰদান কৰে। উল্লেখনীয় যে, যোৱা ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত এয়া দ্বিতীয়বাৰ পুটিন আৰু জিনপিঙৰ টেলিফোনিক বাৰ্তালাপ।