নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্দেহ সত্য প্ৰমাণিতঃ বৰাকত পুনৰ সক্ৰিয় চুপাৰি ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা, ১৭ জুন : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্দেহ সত্য প্ৰমাণিত হ’ল। কেইদিনমান আগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰাক উপত্যকাত পুনৰ চুপাৰি ছিণ্ডিকেট সক্ৰিয় হৈ উঠিছে বুলি কৈছিল। যোৱা দেওবাৰে ৪০ খন ছুপাৰী বোজাই ট্ৰাকৰ নম্বৰ চৰকাৰৰ হাতত আহিছে বুলি জানিবলৈ দিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মিজোৰাম সীমান্ত হৈ বৰাকত ট্ৰাকসমূহ অবাধে প্ৰবেশ কৰিছে বুলি তেওঁ উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এইখবৰ সত্য প্ৰমাণিত হ’ল শুকুৰবাৰে। এই দিনা দক্ষিণ হাইলাকান্দি কাড়ীছৰাত ২৫ লাখ টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰে আৰক্ষীয়ে। পুৱা প্ৰায় ৮.৩০ বজাত মিজোৰামৰ পৰা অহা এখন ট্ৰাকত বাৰ্মিজ চুপাৰি জব্দ কৰে। হাইলাকান্দিৰ কাড়ীছৰা আৰক্ষী চকীত নিয়মিত অনুসন্ধানৰ সময়ত আৰক্ষী বিষয়া মাজাৰুল ইছলামে ১০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে। অৱশ্যে ট্ৰাক তালাচীৰ সময়তে চালক আৰু সহঃ চালক পলাই যাবলৈ সক্ষম হয় । জব্দ কৰা চুপাৰিৰ বজাৰ মূল্য হ’ব ২৫ লাখ টকা। যোৱা কেইমাহমানৰ পৰা একাংশ ব্যৱসায়ীয়ে মিজোৰামৰ পৰা বিভিন্ন উপায়েৰে অবৈধভাৱে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰি আহিছে। কেতিয়াবা পানীৰে, স্থল পথ আৰু কেতিয়াবা ৰেলৱে বুকিং কৰি সৰবৰাহ কৰি আহিছে চুপাৰি। উল্লেখ্য যে যোৱা কেইদিনমান আগতে হাইলাকান্দিৰ লালা থানাৰ অন্তৰ্গত বিলাইপুৰৰ পৰা আৰক্ষীয়ে কেইবালাখ টকাৰ বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমান চুপাৰি ছিণ্ডিকেটে কাছাৰ সীমান্ত পথ ব্যৱহাৰ নকৰি হাইলাকান্দি সীমান্ত ব্যৱহাৰ কৰিছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like