নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বংসী বাটলাৰ-মালান-ফিল স্নেটঃ এদিনীয়াত সৰ্বাধিক ৰানৰ ৰেকৰ্ড ইংলেণ্ডৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ এদিনীয়া ক্ৰিকেটত দলীয় সৰ্বোচ্চ ৰানৰ অভিলেখ গঢ়িলে ইংলেণ্ডে। পৰ্বতসম ৰানৰ জোৱাৰ তুলি আজি দলটোৱে ৪৯৮ ৰান কৰে। এই বৃহত ৰানৰ মূলতেই আছিল ৩জন বেটছমেনৰ দুৰ্দান্ত শতক। দলটোৰ হৈ ফিল স্নেট, ডেভিদ মালান আৰু জছ বাটলাৰে শতকীয় ইংনিছ খেলে। আনহাতে আজি নিজৰেই অভিলেখ নিজেই ভাঙিলে দলটোৱে। কিয়নো ইয়াৰ পূৰ্বে দলীয শাখাত সৰ্বাধিক ৰানৰ ৰেকৰ্ড ইংলেণ্ডৰ দখলতেই আছিল। ২০১৮ চনত অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত ৪৮১ ৰান কৰিছিল ইংলেণ্ডে৷ এদিনীয়া ক্রিকেটত ইমান দিনে সেয়াই আছিল এক ইনিংছত সর্বোচ্চ ৰানৰ বিশ্ব অভিলেখ৷ এদিনীয়াত তৃতীয় সর্বোচ্চ ৰানৰ ইনিংছো আছে ইংলেণ্ডৰে দখলত৷ ২০১৬ চনত পাকিস্তানৰ বিৰুদ্ধে দলটোৱে ৩ উইকেটত ৪৪৪ ৰান কৰিছিল৷ আজি অ’পেনাৰ ফিল স্নেটে ১২২, ডেভিদ মালানে ১২৫ আৰু বিধ্বংসী বেটছমেন জ’ছ বাটলাৰে ১৬২ ৰান কৰে ৷ আনহাতে লিয়াম লিভিংষ্টনে দুৰ্দান্ত ৬৬ ৰানৰ ইনিংছ খেলে।

You might also like