নিয়মীয়া বাৰ্তা, ২৬ জুন : ‘শিলচৰৰ নাগৰিক সুখী । মই বানাক্রান্ত ৰাইজৰ সৈতে মত বিনিময় কৰিছো। শিলচৰৰ মানুহ এতিয়াও সুখী হৈ আছে ।’ কাছাৰ জিলাত হোৱা ভয়ংকৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে দেওবাৰে শিলচৰ ভ্ৰমণ কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। তেওঁ কয়, জনতাই চৰকাৰৰ ওপৰত দেখুওৱা বিশ্বাস আৰু আস্থাই মন জয় কৰিছে। ভয়াবহ বান পৰিস্থিতিৰ পৰা ৰাইজক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। এইদিনা তেওঁ এঘণ্টাৰো অধিক সময় ১৪খন নাৱৰ কনভয়ৰে ৰাঙিৰখাৰী ৰাষ্ট্ৰীয় ঘাইপথ হৈ তাৰাপুৰ,মালিনী বিল আৰু চান্দমাৰী ভ্ৰমণ কৰে। শিলচৰৰ উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ মুখামুখি হৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কয়, চহৰখনৰ বেছিভাগ অঞ্চল বানত ডুব গৈছে আৰু জনসাধাৰণ বহু কষ্টৰ মাজত থকাৰ কথা অনুভৱ কৰিছোঁ। চৰকাৰ জনতাৰ কাষত সদায়েই আছে আৰু বানৰ ফলত দেখা দিয়া জনতাৰ দুখ-কষ্ট লাঘৱ কৰাৰ বাবে অহৰহ প্ৰশাসনে প্ৰচেষ্টা চলাই আছে। তেওঁ লগতে কয়,অতীতত ৰাজ্যৰ বহুকেইখন জিলা বানপানীৰ সন্মুখীন হৈছে। কিন্তু শিলচৰৰ দৰে সাহায্যকাৰী নিয়োগ কৰা নাই। ৰাইজক উদ্ধাৰৰ বাবে ৬৮ খন নাও আছে। এনডিআৰএফ ,এছ ডি আৰ এফ , ভাৰতীয় সেনা আৰু ভাৰতীয় বায়ুসেনাই অক্লান্তভাৱে কাম কৰি আছে । তেওঁ কয়, একাংশ লোকে অভিযোগ কৰিছে যে , সাহায্য সামগ্ৰীসমূহ পোৱা নাই। এই অভিযোগ সচাঁ যে, সকলোয়ে পোৱা নাই। কিয়নো গলী পথ সমূহত এনডিআৰএফে প্ৰৱেশ কৰিব নোৱাৰে। নাওঁ সমূহও লেনবোৰত প্ৰৱেশ কৰিব পৰা নাই। এইক্ষেত্ৰত স্থানীয় লোকে বাহিনীটোক সহায় কৰিবলৈ আগুৱাই অহা উচিত বুলি মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ কয়, শিলচৰৰ বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও পৰিস্থিতি এতিয়াও জটিল আছে । ত্ৰান সামগ্ৰী দিয়া হৈছে। কিন্তু এতিয়াও বহু ঠাইত ত্ৰাণ পঠাবো পৰা নাই । তেওঁ কয়, বেটুকান্দিৰ মথাউৰি কটাত যি সকল জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা লোৱা হ’ব । বিভাগীয় কোনো বিষয়াৰ গাফিলতি ধৰা পৰিলে ৰেহাই দিয়া নহ’ব । তেওঁ কয়, গুৱাহাটীৰ পৰা শাক পাচলি পঠোৱাৰ ব্যবস্থা কৰা হ’ব । কাইলৈ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাও শিলচৰলৈ আহিব । পৰিস্থিতি উন্নতি নোহোৱালৈ তেওঁ শিলচৰত থাকিব । আজি মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ ৰায়, বিধায়কদ্বয় দ্বীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰায়, উপায়ুক্ত কীৰ্তি জল্লীয়ে সংগ দিয়ে।
প্ৰেৰক গৌতম তালুকদাৰ