এনআৰচিৰ ভয় পশ্চিমবংগ আৰু অসমৰ পৰা বাংলাদেশলৈ উভতিছে অবৈধ নাগৰিক
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ নাগিৰকত্ব সংশোধনী আইনক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী লোক নিজ দেশলৈ উভতি গৈছে। নতুন নাগিৰকত্ব আইন গৃহীত হোৱাৰ পিছত পশ্চিম বংগ আৰু অসমৰ সৈতে সংযুক্ত ভাৰত আৰু বাংলা সীমান্তত বহু লোক গ্ৰেপ্তাৰ হৈছে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বিএচএফৰ(দক্ষিণ বেংগল ফ্ৰণ্টিয়াৰৰ) ইন্সপেক্টৰ জেনেৰেল আই বি খুৰানিয়াই কয় যে কয় যে সুৰক্ষা বাহিনীয়ে সীমান্ত পাৰ কৰোতে ২৬৪ জন বাংলাদেশী লোক আটক কৰা হৈছে। আনকি বৰ্ডাৰ গাৰ্ড বাংলাদেশে পশ্চিমবংগৰ লগত সংযুক্ত পেট্ৰপল সীমান্তত ৬০ জন লোকক আটক কৰিছে। আটক কৰা লোক সকলক বাংলাদেশৰ আৰক্ষীক চমজাই দিয়ে। বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ৰ ছীফ মেজৰ জেনৰেল ছফিনুল ইছলামে জানুৱাৰীৰ প্ৰথম সপ্তাহত কৈছিল যে ভাৰতৰ সীমা পাৰ কৰি বাংলাদেশত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ৪৪৫ জন বাংলাদেশী লোকক গ্ৰেপ্তাৰ কৰিছিল।
আনহাতে মেঘালয় ফ্ৰণ্টিয়াৰ আইজি কুলদ্বীপ ছৈনীৰ মতে এতিয়া চোৰাংচোৱাৰ পৰা পোৱা তথ্যৰ মতে এন আৰ চিৰ খবৰটোক ভাৰতত অবৈধ ভাৱে প্ৰৱেশ কৰা কেইবাজনো বাংলাদেশী নিজৰ দেশলৈ উভতি গৈছে।
পশ্চিম বংগ বিএছ এফৰ মতে যোৱা এটা মাহত অবৈধ বাংলাদেশীয়ে অভিলেখ সংখ্যক ভাৱে নিজ দেশলৈ উভতি গৈছে। কেৱল এন আৰ চিৰ বাবেই ই সম্ভৱ বুলি কৈছে।