নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুটিল ক্ৰীড়া ৰাজনীতিৰ বলি লাভলীনাঃ ঘনে ঘনে সলনি প্ৰশিক্ষক; কমনৱেল্থ গেমছৰ প্ৰস্তুতি বাধাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ২৬জুলাই: আন্তর্জাতিক প্রতিযোগিতাত পদক জয় কৰি দেশবাসীক গৌৰৱান্বিত কৰা মহিলা ক্রীড়াবিদসকলৰ ওপৰত প্রতিনিয়ত অব্যাহত আছে যৌন নির্যাতনৰ লগতে মানসিক নির্যাতনৰ ঘটনা৷ কিছুদিন পূর্বে ফুটবলাৰ, চাইক্লিষ্ট আৰু জিমনাষ্টিকছৰ মহিলা খেলুৱৈয়ে ভাৰতীয় দলৰ প্রশিক্ষকৰ দ্বাৰা নির্যাতনৰ চিকাৰ হোৱাৰ অভিযোগে দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল৷ এইবাৰ মানসিক নির্যাতনৰ অভিযোগ তুলিছে অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ কমনৱেল্থ গেমছৰ প্রাক্মুর্হূতত লাভলীনাৰ এই বিস্ফোৰক অভিযোগে স্বাভাৱিকতে ভাৰতীয় ক্রীড়া জগতত প্রবল ধুমুহাৰ সৃষ্টি কৰিছে৷ কালি সামাজিক মাধ্যমত এটা দীঘলীয়া টুইটযোগে অসম গৌৰৱ লাভলীনাই অভিযোগ কৰিছে যে তেওঁ সংশ্লিষ্ট কর্তৃপক্ষৰ দ্বাৰা মানসিক নির্যাতনৰ চিকাৰ হ’বলগীয়া হৈছে৷

নিজৰ টুইটত ক্ষুব্ধ লাভলীনাই কয়– ‘অতি দুখেৰে জনাবলগীয়া হৈছে যে মই যথেষ্ট মানসিক নির্যাতন সহ্য কৰিবলগীয়া হৈছে৷ যি দুগৰাকী প্রশিক্ষকে অলিম্পিকৰ পদক অর্জনত সহায় কৰিছিল তেওঁলোকক মোৰ প্রশিক্ষণৰ পৰা বাৰে বাৰে আঁতৰাই দি নির্যাতন চলাই আহিছে৷ ইয়াৰ ভিতৰত আছে দ্রোণাচার্য বঁটা বিজয়ী প্রশিক্ষক সন্ধ্যা গুৰুং৷’ ইয়াৰ ফলত কমনৱেল্থ গেমছৰ প্রস্তুতিত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰে লাভলীনাই৷ তেওঁ হাতযোৰ কৰি অনুৰোধ কৰাৰ পাছতহে প্রশিক্ষক দুগৰাকীক বহু পলমকৈ প্রশিক্ষণত অন্তর্ভুক্ত কৰা বুলিও অভিযোগ কৰিছে খেলুৱৈগৰাকীয়ে৷ যাৰ বাবে মানসিকভাৱে বিপর্যস্ত হৈ পৰিছে লাভলীনা৷ প্রশিক্ষক সন্ধ্যা গুৰুঙক গেমছ ভিলেজত প্রৱেশ কৰিবলৈ নিদিয়া বাবে প্রতিযোগিতাখনৰ প্রাকমুহূর্তত তীব্র চাপৰ সন্মুখীন হোৱা বুলিও লাভলীনাই অভিযোগ উত্থাপন কৰিছে৷

টুইটত তেওঁ লিখিছে– ‘প্রশিক্ষক সন্ধ্যা গুৰুঙক ভিলেজত স্থান দিয়া হোৱা নাই৷ মাত্র ৮ দিন পাছতে মোৰ প্রথমখন মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰ পূর্বে সঠিক প্রস্তুতিৰ বাবে প্রশিক্ষকগৰাকীক মোৰ প্রয়োজন৷ মোৰ দ্বিতীয়গৰাকী প্রশিক্ষককো দেশলৈ পঠিয়াই দিয়া হৈছে৷ মই বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো তেওঁক ৰখা নহ’ল৷ ফলত মই যথেষ্ট মানসিক নির্যাতনৰ সন্মুখীন হৈছোঁ৷ এনে অৱস্থাত মই খেলৰ ওপৰত ভালদৰে মনোনিৱেশ কৰিব পৰা নাই৷ এনে ঘটনাৰ বাবেই বিশ্ব চেম্পিয়নশ্বিপত মই আশানুৰূপ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম নহ’লোঁ৷ কিন্তু ৰাজনীতিৰ বাবে কেতিয়াও কমনৱেল্থ গেমছত বেয়া প্রদর্শন কৰিব নোখোজোঁ৷ ৰাজনীতিক সমুচিত প্রত্যুত্তৰ দিবলৈ মই দেশৰ হৈ পদক জিকিব বিচাৰোঁ৷’

উল্লেখ্য যে টকিঅ’ অলিম্পিকত ৱেল্টাৰ ৱেট শাখাত ব্রঞ্জৰ পদক জয় কৰিছিল অসম কন্যা লাভলীনাই৷ ইয়াৰ পাছত প্রায় ৯ মাহ ধৰি প্রতিযোগিতাৰ বাহিৰত আছিল তেওঁ৷ দীর্ঘদিন পাছত বিশ্ব চেম্পিয়নশ্বিপত অংশগ্রহণ কৰি প্রি–কোৱার্টাৰ ফাইনেলৰ পৰাই তেওঁ বিদায় ল’বলগীয়া হয়৷ লাভলীনাৰ অভিযোগ অনুসৰি সেই প্রতিযোগিতাখনতো তেওঁ অনুৰূপ সমস্যাৰ সন্মুখীন হৈছিল৷ তাৰকা বক্সাৰগৰাকীৰ অভিযোগ অনুসৰি অলিম্পিকত পদক জয় কৰাৰ পাছত তেওঁ অধিক মানসিক সমস্যাৰ সন্মুখীন হৈছিল৷ যাৰ বাবে তেওঁ চাপ ল’ব নোৱাৰা হৈ পৰিছে৷ বিশ্ব চেম্পিয়নশ্বিপৰ পূর্বে তেওঁৰ প্রস্তুতি আশাপ্রদ নাছিল বুলিও অভিযোগ কৰিছে লাভলীনাই৷

ইপিনে ভাৰতীয় বক্সিং ফেডাৰেচন (বি এফ আই)ৰ সম্পাদক হেমন্ত কলিতাই বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি জানিবলৈ দিছে৷ তেওঁ কয় যে প্রশিক্ষক সন্ধ্যা গুৰুঙৰ এক্রিডিটেচন এই পর্যন্ত নোহোৱা বাবে তেওঁক গেমছ ভিলেজত প্রৱেশ কৰিবলৈ দিয়া হোৱা নাই৷ এই বিষয়ত বি এফ আই আৰু ভাৰতীয় অলিম্পিক সন্থাই চেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি আজি তেওঁ গেমছ ভিলেজত প্রৱেশ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে কলিতাই৷ তেওঁৰ মতে ৮গৰাকী প্রশিক্ষকৰ ৪গৰাকীক গেমছ ভিলেজলৈ সোমাবলৈ অনুমতি দিয়া হৈছে আৰু বাকী ৪গৰাকী বাহিৰত থাকিবলগীয়া হৈছে৷ লাভলীনাৰ এই অভিযোগভৰা টুইটৰ পাছত উদ্বিগ্ন হৈ পৰিছে তেওঁৰ পিতৃ টিকেন বৰগোহাঁই৷

তেওঁ লাভলীনাৰ পৰা পোনপটীয়াকৈ এই বিষয়ে জানিব পৰা নাই যদিও সংবাদ মাধ্যমৰ জৰিয়তে কন্যাৰ দুর্দাশাগ্রস্ত অৱস্থাটো জানিব পাৰি গভীৰ উদ্বেগ প্রকাশ কৰিছে৷ তেওঁ কয় যে এয়া এক দুশ্চিন্তাৰ বিষয় আৰু কমনৱেল্থ গেমছৰ পূর্বে এনে হোৱা উচিত নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই মুহূর্তত এনে ঘটনাই তাইক মানসিকভাৱে ক্ষতিগ্রস্ত কৰিব৷ উল্লেখ্য যে লাভলীনাই তেওঁৰ প্রশিক্ষকসকল সংশ্লিষ্ট কর্তৃপক্ষৰ দ্বাৰা নিয়মীয়া নির্যাতনৰ সন্মুখীন হোৱা বুলিও অভিযোগ কৰিছে৷

মন কৰিবলগীয়া যে ভাৰতীয় বক্সিং দলটো যোৱা দেওবাৰে নিশা গেমছ ভিলেজত উপস্থিত হয়৷ আয়াৰলেণ্ডৰ পৰা উচ্চ প্রশিক্ষণ সমাপ্ত কৰি বার্মিংহামলৈ আহিলেও লাভলীনাৰ ব্যক্তিগত প্রশিক্ষক সন্ধ্যা গুৰুঙক ভিলেজত প্রৱেশ কৰিবলৈ দিয়া নাই৷ লাভলীনাই তেওঁৰ ব্যক্তিগত প্রশিক্ষক এমি কালেকাৰক কমনৱেল্থ গেমছৰ সময়ত তেওঁৰ লগত থকাটো বিচাৰিছিল যদিও প্রশিক্ষকগৰাকীক তালিকাভুক্ত কৰা নহ’ল৷ উল্লেখ্য যে ভাৰতীয় ক্রীড়া ক্ষেত্রত ইয়াৰ পূর্বেও কর্তৃপক্ষৰ ৰাজনীতিৰ বাবেই বহু ক্রীড়াবিদৰ বর্ণিল কেৰিয়াৰ মষিমূৰ হৈছে৷ লাভলীনাও হয়তো এনে কুটিল ৰাজনীতিৰে শেহতীয়া চিকাৰ৷ অৱশ্যে দৃঢ়মনা অসম কন্যাই ৰাজনীতিৰ বলয়ৰ পৰা মুক্ত হৈ কমনৱেল্থ গেমছত পদক জয় কৰাৰ বাবে যথাসম্ভৱ চেষ্টা চলাব বুলি টুইটত সদৰী কৰিছে৷

You might also like