নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সৰস্বতী পূজা; বাগদেৱীৰ বন্দনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । বাগদেৱীৰ বন্দনাৰে মুখৰ হ’ব সমগ্ৰ ৰাজ্য । শংখ- ঘণ্টাৰ মংগলধ্বনি, আয়তীৰ উৰুলিৰে বেদীত প্ৰতিষ্ঠা কৰা দেৱীক আগবঢ়োৱা হ’ব বৈদিক পূজা৷

ইতিমধ্যে ৰাজ্যজুৰি বাগ্দেৱীৰ পূজা–র্চনাৰ বাবে আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ বিশেষকৈ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উপলক্ষে শিক্ষার্থীসকলৰ মাজত উলহ–মালহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷

প্রতিখন শিক্ষানুষ্ঠানত সৰস্বতী পূজাৰ বাবে স্থাপন কৰা হৈছে মণ্ডপ৷ শিক্ষানুষ্ঠানসমূহৰ সন্মুখত নির্মাণ কৰা হৈছে আকর্ষণীয় তোৰণ৷

ইতিমধ্যে মহানগৰীৰ বজাৰ ভৰি পৰিছে বিভিন্ন আকৃতিৰ দেৱী সৰস্বতীৰ মৃণ্ময় মূর্তিৰে৷ বজাৰত সৰস্বতীৰ মৃণ্ময় মূর্তিৰ মূল্য নূ্যনতম ৩০০ টকাৰ পৰা ১৫০০ টকাপর্যন্ত৷ সমান্তৰালভাৱে পূজাৰ বিভিন্ন সামগ্রীও মহানগৰীৰ বজাৰত উপলব্ধ হৈছে৷

উল্লেখ্য যে বৈদিক নিয়মমতে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত বিধিসন্মতভাৱে সৰস্বতী পূজা উদ্যাপন কৰা হয়৷ চলিত বর্ষত মাঘ মাহৰ শুক্ল পঞ্চমী তিথি ২৯ জানুৱাৰীৰ দিনৰ ১০ বাজি ৪৫ মিনিট ৫১ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ ৩০ জানুৱাৰীৰ ১ বাজি ১৯ মিনিট ২২ ছেকেণ্ডত অন্ত পৰিব৷

যাৰ বাবে এইবেলি সৰস্বতী পূজা পালনক লৈ ৰাইজৰ মাজত বিভ্রান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান–প্রতিষ্ঠানে কাইলৈ সৰস্বতী পূজা উদ্যাপন কৰাৰ বিপৰীতে আন একাংশই বৃহস্পতিবাৰেহে অনুষ্ঠিত কৰিব সৰস্বতী পূজা৷

লক্ষণীয় যে সৰস্বতী পূজাৰ দিনটোত নিজকে আকর্ষণীয় ৰূপত সজাবলৈ যুৱতীসকলৰ মাজত চলে অঘোষিত প্রতিযোগিতা৷ সৰস্বতী পূজাৰ প্রাক্ক্ষণত মহানগৰীৰ বিউটী পার্লাৰসমূহত পৰিলক্ষিত হৈছে ভিৰ৷ সমান্তৰালভাৱে বজাৰসমূহত কাপোৰ–লংকাৰ বিচাৰি যুৱতীসকলে ভিৰ কৰিছে৷

You might also like