নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ ধুবুৰী জিলাত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ বাবে আৰম্ভ হৈছে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা। স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহ আৰু কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ ধুবুৰী জিলাৰ আত্মসহায়ক গোটসমূহে টঙালি বান্ধিছে। জানিব পৰা মতে অসম ৰাজ্যিক জীৱিকা অভিযানৰ ধুবুৰী গোটে 700 আত্মসহায়ক গোটৰ জৰিয়তে ১.৬৮ লাখ জাতীয় পতাকা চিলোৱাৰ লক্ষ্য লৈ বান্ধি লৈছিল আৰু বৰ্তমানলৈকে ১.০৮ লাখ পতাকা চিলাই উলিওৱা হৈছে৷ ইপিনে পতাকা বিক্ৰীৰ বাবে ধুবুৰী জিলাত ইতিমধ্যে ৫৮ খন বিপনী জিলা, খণ্ড আৰু ক্লাষ্টাৰ পৰ্যায়ত মুকলি কৰা হৈছে। প্ৰতিখন জাতীয় পতাকাৰ মূল্য আকাৰ অনুসৰি ১৬ টকাৰ পৰা ৩০ টকালৈ নিৰ্দ্ধাৰণ কৰা হৈছে৷ আনহাতে ধুবুৰী জিলাত সুলভ মূল্যৰ দোকানৰ জৰিয়তে মূলতঃ ২.৭০ লাখ হিতাধিকাৰী পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ১৮ টকা দৰত জাতীয় পতাকা ক্ৰয় কৰাৰ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু তাৰবাবে জিলাখনৰ যোগান বিভাগে ৰাজ্যিক কাৰ্য্যালয়ৰ পৰা মুঠ ২.৩১ লাখ জাতীয় পতাকা লাভ কৰাৰ যাৱতীয় প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী