নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৰ্বভৌমত্বৰ চৰ্তত দিল্লী ৰাজি হ’লে ১০০ শতাংশই আলোচনাত বহিম

'নিউজ লাইভ'ৰে সাক্ষাৎকাৰত পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ শান্তি চুক্তিৰ জৰিয়তে দীৰ্ঘদিনীয়া বড়ো সমস্যা সমাধানৰ পাছতে এইবাৰ চৰ্চালৈ আহিছে আলফা(স্বা)ৰে শান্তি আলোচনা প্ৰক্ৰিয়া । বিগত দীৰ্ঘসময় ধৰি ৰাজ্যৰ অন্যতম বিদ্ৰোহী সংগঠনটোক আলোচনাৰ মেজলৈ অনাৰ বাবে বিভিন্ন পক্ষৰ দাবী উত্থাপিত হৈ থকাৰ পিছতো আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ চৰ্তত আঁকোৰগোজ স্থিতি গ্ৰহণ কৰি আহিছে । কিন্তু শেহতীয়া বড়ো চুক্তিৰ পিছতে আলোচনাৰ সপক্ষে ইংগিত দাঙি ধৰিছে আলফা(স্বা)ৰ মুৰব্বীজনে ৷ মঙলবাৰে ‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানত মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰেশ বৰুৱাই এই ইংগিত দি কয় – সার্বভৌমত্বৰ চর্তত দিল্লী ৰাজি হ’লে এশ শতাংশই আলোচনাত বহিম ৷ অসম–ভাৰতৰ সংঘাত দূৰ কৰিবলৈ এই আলোচনা হ’ব লাগিব ৷ সংঘাত সমাধানৰ বাবেহে আলোচনা হ’ব ৷ ইয়াত কোনো শান্তি আলোচনা বুলি কথা নাই ৷ বড়ো চুক্তিৰ প্রসংগ উত্থাপন কৰি পৰেশ বৰুৱাই কয় – বড়োসকলৰ দাবী অসমৰ ভিতৰতে ৷ কিন্তু আমাৰ দাবী সুকীয়া ৷ পাঁচশ বছৰীয়া সংগ্রামৰ এক সন্মানজনক সমাধান দিবলৈ সক্ষম হৈছে বড়োসকল ৷ এয়া আদৰণীয় ৷ কিন্তু আলফাৰ সংগ্রামখন হৈছে ভাৰতৰ লগত সংযুক্ত ৷ আমি কোনোদিনেই পৰাধীন নহয়, আমাক কোনেও পৰাজিত কৰিব পৰা নাছিল ৷ গতিকে স্বাধীনতাক লৈ কিয় আলোচনা হ’ব নোৱাৰে ? কথা পাতিলে নিশ্চয় সমাধানৰ সূত্র ওলাব ৷ সার্বভৌমত্ব পাম নে নাই, সেয়া পিছৰ কথা ৷ কিন্তু আলোচনাৰ বিষয়বস্তু হ’ব লাগিব সার্বভৌমত্ব ৷ বিশ্বৰ সকলোতে স্বাধীনতাক লৈ আলোচনা চলিছে ৷ তেনে ক্ষেত্রত আমাৰ লগত এটা পইণ্টত কিয় কথা পাতিব নোৱাৰে ? যদি আলোচনা হয়– বিষয়বস্তু হ’ব লাগিব সার্বভৌমত্ব ৷ অসমৰ জনগণক ন্যায্যতা দিবলৈ হ’ব লাগিব এই আলোচনা ৷ ভাৰতীয়সকলে আমাক সন্মান দিব লাগিব ৷

পূর্বৰ আলোচনাৰ প্রসংগ উত্থাপন কৰি বিদ্রোহী সংগঠনটোৰ সেনাধ্যক্ষজনে কয়– প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে সার্বভৌমত্বৰ ওপৰত আলোচনাৰ বাবে মান্তি হৈছিল ৷ গতিকে এতিয়া এনে আলোচনা অনুষ্ঠিত হোৱাৰ অসুবিধা ক’ত ? এটা কথা স্পষ্ট– আলোচনাৰ নামত ৪০ বছৰে সংগ্রাম কৰা এটা সংগঠনে গঁৰালত সোমাব নোৱাৰে ৷ ইয়াত পৰেশ বৰুৱা কোনো বিষয় নহয় ৷ স্বাধীনতা কিয় লাগে, সেয়া আলোচনাৰ মেজত যুক্তি প্রদর্শন কৰিম ৷ গতিকে যুক্তিৰ আধাৰতেই আলোচনা হ’ব লাগিব ৷ ইফালে আলোচনা কি ধৰণে অনুষ্ঠিত হ’ব, সেই সম্পর্কত জাৰিৰ হুছেইনে উত্থাপন কৰা প্রশ্নৰ উত্তৰত পৰেশ বৰুৱাই কয়– আমি উপযুক্ত প্রতিনিধি পঠিয়াম ৷ প্রথম পর্যায়ত অসমক ভাল পোৱা প্রতিনিধিয়ে আলোচনা কৰিব ৷ চূড়ান্ত পর্যায়ত প্রতিনিধিৰ সৈতে মই আলোচনাত বহিম ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আন্তৰিকতাৰে বিচাৰিলে এই আলোচনা হ’ব ৷ যদি প্রধানমন্ত্রী মোদী গণতন্ত্রত বিশ্বাসী, তেন্তে তাক প্রতিষ্ঠা কৰক ৷ ভাৰত চৰকাৰে আমাক বিভাজিত কৰি ৰিঙত সুমুৱাবলৈ চেষ্টা নকৰিলে আলোচনা সম্ভৱ হ’ব ৷

ইফালে অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত ইতিপূর্বে চলি থকা আলোচনা সন্দর্ভত পৰেশ বৰুৱাৰ মন্তব্য– বিভাজনৰ নীতিৰে অৰবিন্দ ৰাজখোৱাক আত্মসমর্পণ কৰোৱাইছিল ভাৰতৰ শাসক গোষ্ঠীয়ে ৷ এনএছচিএনৰ ক্ষেত্রতো ভাৰতৰ শাসক গোষ্ঠীয়ে একেই পন্থা লৈছিল ৷ যাৰ বাবে ইছাক মুইভাই সমগ্র প্রক্রিয়াটোৰ ক্ষেত্রত ভুল কৰা বুলি স্বীকাৰ কৰিছিল ৷ আহাৰ খোৱা টেবুলত তেওঁ মোক কৈছিল– মই ভুল কৰিলোঁ, বান্ধ খাই গ’লোঁ, প্রতাৰিত হ’লোঁ ৷ এইটো স্পষ্ট যে আলফা এটা কোম্পানী নহয় ৷ ই এক ব্যক্তি সমষ্টিৰ সংগঠন৷ বিভিন্ন ব্যক্তিৰ কষ্টৰ বিনিময়ত সংগঠন টিকি আছে ৷ যিসকলে ত্যাগ কৰি গৈছে, তেওঁলোকৰ বাবে আলফা জীয়াই আছে ৷ আলফা কাৰো ঊর্ধ্বত নহয় ৷ পৰেশ বৰুৱা, অভিজিৎ অসম নিমিত্তহে মাথোঁ ৷

You might also like