নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ১ আগষ্টৰ পৰা বলৱৎ পুৰণি সুৰা নীতি

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ দিল্লীত ১ আগষ্টৰ পৰা পুৰণি সুৰা নীতি পুনৰ বলৱতৰ সিদ্ধান্ত গ্রহণ কৰা বুলি উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়াই আজি ঘোষণা কৰিছে৷ বিজেপিয়ে সুৰা দোকানী, বিষয়াক ভাবুকি প্রদান কৰা বুলি অভিযোগ তোলাই নহয়, গৰিহণা দি উপ–মুখ্যমন্ত্রী ছিছোদিয়াই কয় যে দিল্লী চৰকাৰে পুৰণি সুৰা নীতিকহে ছমাহৰ বাবে অহা ১ আগষ্টৰ পৰা পুনৰ বলৱতৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চলিত সুৰা নীতিৰ ম্যাদ উকলিবলৈ দুদিন থকাৰ পূর্বেই  এই সিদ্ধান্ত ঘোষণা কৰে৷ মন কৰিবলগীয়া যে নতুন সুৰা নীতিত অনিয়ম হোৱা বুলি উপ–ৰাজ্যপালে মনীষ ছিছোদিয়াৰ বিৰুদ্ধে চি বি আইৰ তদন্ত কৰিব লাগে বুলি অনুমতি দিয়াৰ পিছতহে দিল্লী চৰকাৰে এই সিদ্ধান্ত লৈছে৷

You might also like