নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ ধনাঢ়্য মহিলাৰ শীর্ষত ভাৰতৰ সাৱিত্রী জিন্দাল

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ এছিয়াৰ ধনাঢ়্য মহিলাৰ শীর্ষ স্থানত ভাৰতৰ সাৱিত্রী জিন্দাল৷ ব্লুমবার্গ বিলিয়নাৰ ইনডেক্সে প্রকাশ কৰা মতে, চীনৰ ৱাং হুয়ানক চেৰ পেলাই জিন্দাল গ্রুপৰ অন্যতম স্বত্বাধিকাৰী সাৱিত্রী জিন্দালে এছিয়াৰ ধনাঢ়্য মহিলাৰ শীর্ষ স্থান লাভ কৰিছে৷ ধাতু আৰু বিদ্যুৎ উৎপাদন কোম্পানীৰ সৈতে জড়িত জিন্দাল গ্রুপৰ সাৱিত্রী জিন্দালৰ সম্পত্তিৰ পৰিমাণ ১১.৩ বিলিয়ন মার্কিন ডলাৰ৷

উল্লেখ্য যে বিগত কেইবাবছৰ ধৰি এছিয়াৰ ধনাঢ়্য মহিলাৰ শীর্ষ স্থানত থকা য়াং হুয়ানে চীনৰ অর্থনৈতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত ক্ষতিৰ সন্মুখীন হোৱাত শীর্ষ স্থান হেৰুৱাবলগীয়া হয়৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১১ বিলিয়ন মার্কিন ডলাৰ৷ মন কৰিবলগীয়া যে ৭২ বছৰীয়া সাৱিত্রী জিন্দাল ভাৰতৰ ধনাঢ়্য মহিলাৰ শীর্ষ স্থানত থকাৰ বিপৰীতে ভাৰতৰ দশম ধনাঢ়্য ব্যক্তি জিন্দাল গ্রুপৰ প্রতিষ্ঠাতা তথা স্বামী অ’ পি জিন্দালৰ অলপতে পৰলোকপ্রাপ্তি ঘটাত সাৱিত্রী জিন্দালে কোম্পানীটোৰ মুৰব্বী হিচাপে দায়িত্ব গ্রহণ কৰে৷

You might also like