নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ হিচাপে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী নগৰ সমিতিৰ উদ্যোগত কালি বৰ্ণাঢ্য ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত হয়। সংগঠনটোৰ ধুবুৰীৰ বালুৰচৰস্থিত কাৰ্য্যালয় সীমান্ত ভৱনৰ পৰা আৰম্ভ হোৱা সেই বিশাল সমদলটোত সংগঠনটোৰ কাৰ্য্যকৰ্তাকে ধৰি স্কুলীয়া ছাত্ৰ–ছাত্ৰীৰ উপৰি সাধাৰণ ৰাইজেও স্বতঃস্ফূৰ্তভাৱে অংশ লয়। ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱে ‘‘ফ্লেগ অফ’’ কৰাৰ পিছত আৰম্ভ হোৱা সেই সমদলটো ডেৰ ঘন্টীয়া এক যাত্ৰাৰ অন্তত সমাপ্তি ঘটে। দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া পূৰ্তিৰ সৈতে সংগতি ৰাখি এখন ৭৫ ফুট দীঘল ত্ৰিৰংগা লৈ বিভিন্ন দেশাত্মবোধক গীত আৰু শ্লোগানেৰে চহৰখনৰ ৰাজপথ উত্তাল কৰি অনুষ্ঠিত হোৱা সমদলটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। চহৰখনৰ আৰ কে মিচন ৰোডৰ ৰামকৃষ্ণ মিচনৰ সন্মুখত উপস্থিত হোৱাৰ পিছত সেই ত্ৰিৰংগা যাত্ৰাৰ সমাপ্তি ঘটে। সামান্য বিৰতিৰ পিছত ৰামকৃষ্ণ মিচন প্ৰাংগনত পিছত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সভানেত্ৰী ড৹ প্ৰতিমা নিয়োগীৰ চমু এক মনোগ্ৰাহী ভাষণৰ পিছত উপস্থিত সকলোৱে একেলগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। ৰাষ্ট্ৰীয় সংগীতৰ অন্তত ‘‘আজাদী কি অমৃত মহোৎসৱ’’ উপলক্ষে সংগঠনটোৰ ধুবুৰী নগৰ সমিতিয়ে বিগত এবছৰৰ পৰা উদযাপিত কৰি অহা বিভিন্ন কাৰ্য্যসূচীৰ সমাপন ঘটে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী