নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিয়ন্ত্ৰণহীন বলেৰ’ৱে খুন্দিয়ালে গৃহতঃ কথমপি প্ৰাণৰক্ষা নিদ্ৰাৰত যুৱতীৰ

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ছাগলচৰা অঞ্চলৰ সংঘটিত হোৱা ভয়ংকৰ দূৰ্ঘটনাত এগৰাকী যুৱতীৰ কথমপি প্ৰাণ ৰক্ষা পৰাৰ এক ঘটনা পোহৰলৈ আহিছে। বিৱৰণী অনুসৰি, আজি দুপৰীয়াৰ ফালে এএচ১৭চি/০৬১১ নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ’ গাড়ী এখন অঞ্চলটোৰ সামছুল হ’ক নামৰ ব্যক্তি এগৰাকীৰ গৃহত খুন্দা মাৰে আৰু ফলত ঘৰটোৰ বেৰ ভাঙি গাড়ীখন এটা কোঠালীত সোমাই যায় । ঘটনাটোত কোঠালীটোত থকা বয়বস্তু ভাঙি চূৰমাৰ হয়। ইপিনে কোঠালীটোৰ বিছনা এখনত নিদ্ৰাৰত অৱস্থাত থকা ব্যক্তিগৰাকীৰ ২২ বছৰীয়া জীয়ৰি চিমৰানৰ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে যদিও আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি দূৰ্ঘটনাটো হোৱাৰ পিছে পিছে গাড়ীখনৰ চালকসহ আৰোহীগৰাকী সেই ঠাইৰ পৰা পলায়ন কৰে। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ধুবুৰী ফুলবাৰী দলং নিৰ্মাণৰ কামত নিয়োজিত এলএণ্ডটিৰ অধীনত চলা এইচিঅ’এম (AECOM) কোম্পানীৰ বুলি দাৱী কৰিছে ৰাইজে আৰু গাড়ীখনৰ চালকগৰাকী সুৰাসক্ত অৱস্থাত থকা বুলিও সন্দেহ তেওঁলোকৰ। ইপিনে দূৰ্ঘটনাটোত আহত হোৱা যুৱতীগৰাকীক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তী কৰোৱা হোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like