নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি নগৰৰ লাইটযুক্ত ট্ৰেফিক চিগনেলে জ্বলা কলা খুৱাইছে ৰাইজক

নিয়মীয়া বাৰ্তা,২০ আগষ্ট:  চৰাইদেউ জিলাৰ সদৰ নগৰী সোণাৰি । চৰাইদেউ মহকুমাৰ পৰা জিলালৈ উন্নীত কৰা হ’ল যদিও আজিও জিলাখনৰ সদৰ নগৰী সোণাৰিৰ বাট-পথ পূৰ্বৰ দৰে আছে । নগৰখনৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক ধোদৰআলি । ধোদৰআলি চৰাইদেউ জিলাৰ সদৰ নগৰী সোণাৰিৰ মেৰুদণ্ড স্বৰূপ। শিৱসাগৰৰ পৰা সোণাৰি নগৰৰ মাজেৰে নামৰূপ সাৰ নগৰীলৈ যোৱা অতিকৈ ব্যস্ততাপূৰ্ণ পথ হ’ল এই ধোদৰআলি । সোণাৰি নগৰৰ ভজো চাৰিআলিত ধোদৰআলিৰ পথৰ ওপৰত দুমাহ পূৰ্বে চাৰিআলিটো ট্রেফিক চিগনেলত সংযোগ কৰা হয় অত্যাধুনিক লাইট যুক্ত ট্রেফিক চিগনেল । সকলো ঠিকেই আছিল । ট্রেফিক চিগনেল লাইট লগোৱাৰ এমাহৰ পাছতে বৰমুৰীয়াৰ নিৰ্দেশ মর্মে ট্ৰেফিক চিগনেলৰ সংকেটসমূহ ৱানওৱে কৰি দিয়া হয় । যাৰ ফলত ধোদৰআলি পথটোৰ বহল নকৰা ৱানওৱে পথটোতে ট্রেফিক চিগনেল দিয়াত পথৰ ওপৰত ডিভাই দাৰ নথকাৰ বাবে পথটোৰ ওপৰত অযথা যান – জঁটৰ সৃষ্টি হৈ আহিছে । প্ৰতিটো ওৱে চিগনেল মুকলি হোৱা লৈকে ধোদৰআলিৰ ওপৰত প্ৰায় দুই তিনিশ মিটাৰ লৈকে যান বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে । ইফালে চাৰিআলিটো ঠেক হোৱাৰ বাবে কাষৰ দুটা পথৰ চিগনেল লাইট পথচাৰী , বাহন চালকে দেখা নাপায় তেনেস্থলত ভজো চাৰিআলিটোৰ চাৰিওটা পথত ডিভাই দাৰ নথকাৰ ফলত ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে । পুৱা আবেলি স্কুলীয়া ছাত্ৰ – ছাত্ৰীৰ লগতে অফিচ কাছাৰী লৈ যোৱা লোকে চাৰিআলিটোৰ ট্ৰেফিক চিগনেলৰ বাবে হোৱা অবাঞ্চিত যান – বাহনৰ ভিৰৰ মাজত আবদ্ধ হৈ পৰে । ইপিনে এফালে ৮০ চেকেণ্ড ৰঙা লাইট জ্বলাই বাহনসমূহ আবদ্ধ কৰাৰ বিপৰীতে আন এফালে আকৌ ৩৯ চেকেণ্ডৰ বাবে ৰঙা লাইট জ্বলাই বাহনসমূহ আবদ্ধ কৰি ৰখাত ৰাইজ বিবুধিত পৰা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজে পথৰ উন্নয়ন নোহোৱাকৈ ৱানওৱে পৰিবৰ্তে পূৰ্বৰ দৰে ট্ৰেফিক সংকেতসমূহ ৰাখিবলৈ দাবী জনাইছে ।
You might also like