নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছেৰফাংগুৰীস্থিত জনতা কলেজত কলেজখনৰ এন পি এছভূক্ত অধ্যাপক অধ্যাপিকাসকলে কৰ্মবিৰতি পালন কৰে। জনতা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে বৰ্তমানে চলি থকা এন পি এছ নীতিৰ পৰিবৰ্তন সাধন কৰি পুৰণি পেঞ্চন নীতি পুনৰ বহাল ৰাখিবলৈ দাবী জনায়। লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকল আৰু আন আন কৰ্মচাৰীসকলে তেওঁলোকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই বিভিন্ন দাবীসম্বলিত প্লে কাৰ্ড লৈ মহাবিদ্যালয়খনৰ মূখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে। মহাবিদ্যালয়ৰ মূখ্য দ্বাৰত এক শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰে। লগতে কৰ্মবিৰতি পালন কৰা অধ্যাপক-অধ্যপিকাসকলে কয় যে বৰ্তমানে চলি থকা নতুন পেন্সন নীতিৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত নহয়। এনেক্ষেত্ৰত চৰকাৰে নতুন পেন্সন নীতি, পৰিবৰ্তে পুৰণি পেন্সন নীতি বহাল ৰাখিবলৈ উচ্চস্বৰে দাবী জনায়। লগতে এই নীতি অনতি পলমে কাৰ্য্যকৰী হব লাগে বুলি চৰকাৰৰ ওচৰত আৰ্জি জনায়।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰবৰ্তী