বিশেষ বাৰ্তা, ২২ আগষ্ট : ১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী পেমা খান্ডুৰ মাজত স্বাক্ষৰিত ঐতিহাসিক নামচাই ঘোষণাপত্ৰৰ পাছত আজি অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় আলোচনাত মিলিত হয়। ইয়াৰ আগেয়ে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী মেইন আৰু মন্ত্ৰী বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম-অৰুণাচল সীমান্তৰ নামচাই জিলাৰ বিবদমান অঞ্চলসমূহ পৰিদৰ্শন কৰে। পাছত এখন সংবাদ মেলত মন্ত্ৰী বৰাই কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ভিত্তিত তেওঁৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতিখনে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট আঞ্চলিক সমিতিখনৰ প্ৰতিনিধিৰ সৈতে যুটীয়াভাবে নামচাই জিলাৰ অসম-অৰুণাচল সীমান্তৰ বিবদমান অঞ্চলসমূহ আজি পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰে। এই পৰিদৰ্শনৰ ভিত্তিত শীঘ্ৰে মন্ত্ৰী বৰাৰ নেতৃত্বত গঠিত আঞ্চলিক সমিতিখনে সীমা সমস্যা সম্পৰ্কীয় প্রতিবেদন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ ওচৰত দাখিল কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা অসমৰ বহু বছৰ পুৰণি সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা আৰু আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী বৰাই চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ অতি সোনকালেই নিষ্পত্তি কৰিব পৰা যাব বুলি মন্তব্য কৰে। আনহাতে, অৰুণাচল প্ৰদেশৰ উপ মূখ্যমন্ত্ৰী চৌনা মেইনে কয় যে ১৫ জুলাইৰ নামচাইৰ ঘোষনাত ৮৭টা বিবদমান বিষয়ৰ ভিতৰত ৩৭টা বিষয় ইতিমধ্যে নিস্পত্তি কৰিছে আৰু দুটা বিষয় নিস্পত্তি হোৱাৰ পথত বুলি উল্লেখ কৰি আলাপ আলোচনাৰ মাজেৰে পৰ্যায়ক্ৰমে সকলো সমস্যাৰ সমাধান কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰ বদ্ধপৰিকৰ বুলি কয়৷ অসমখনক অৰুণাচল প্ৰদেশৰ জেষ্ঠ ভাতৃ বুলি উল্লেখ কৰি তেওঁ প্ৰতিটো দিশতে অসম স্পৰ্শ কৰিহে অৰুণাচলৰ জনজীৱন চলে বুলি প্ৰকাশ কৰে ৷ অসম আৰু অৰুণাচল প্ৰদেশৰ আঞ্চলিক সমিতি দুখনে আজি তিনিচুকীয়া আৰু নামচাই জিলা সীমান্তৱর্তী মেংকেংমিৰি আৰু টেঙাপানী পৰিদৰ্শন কৰে। দুয়োখন আঞ্চলিক সমিতিৰ এই যুটীয়া ভ্রমণ কালত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইৰ অধ্যক্ষতাত গঠিত সংশ্লিষ্ট আঞ্চলিক সমিতিখনৰ সদস্য হিচাপে নামচাইৰ বিধায়ক জিং নামচু লেকাঙৰ বিধায়ক জুম্মুম এট দেউৰী আৰু তেজুৰ বিধায়ক কাৰিখো ক্ৰিৰ লগতে নামচাই জিলাৰ উপায়ুক্ত আৰু অন্যান্য বিষয়াসকল আৰু মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত অসমৰ আঞ্চলিক সমিতিখনৰ সদস্য হিচাপে শদিয়াৰ বিধায়ক বলীন চেতিয়া আৰু তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰচিং পাৱাৰ আৰু সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে। আনহাতে মঙলবাৰে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিয়ে অসমৰ শদিয়া আৰু অৰুণাচল প্ৰদেশৰ লোহিত সীমান্তৰ চূণপুৰা আদি অঞ্চল ভ্ৰমণ কৰিব।
প্ৰেৰক বিবেক বড়া