দুই ছেপ্টেম্বৰত ফুটবল ফেডাৰেচনৰ নির্বাচন; ফিফাৰ নিষেধাজ্ঞা প্রত্যাহাৰৰ সম্ভাৱনা
নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: উচ্চতম ন্যায়ালয়ে প্রশাসক সমিতিক বিলোপ কৰাৰ পিছতে সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নির্বাচনৰ দিন ঘোষণা কৰা হয়৷ সেই অনুসৰি নির্বাচন অনুষ্ঠিত হ’ব দুই ছেপ্ঢেম্বৰত৷ ২৫ আগষ্টৰ পৰা মনোনয়ন জমা দিয়াৰ প্রক্রিয়া আৰম্ভ হ’ব৷ ইয়াৰ লগে লগে ভাৰতীয় ফুটবলে কিছু পৰিমাণে স্বস্তি লাভ কৰিছে৷ কিয়নো নির্বাচনৰ দিন ঘোষণাৰ লগে লগে ফিফাৰ নির্বাসন প্রত্যাহাৰৰ আশা সজীৱ হৈ পৰিল৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে ফেডাৰেচনৰ নির্বাচন এসপ্তাহ পিছুৱাই দিয়াৰ কথা ঘোষণা কৰিছিল৷ পূর্বে নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল ২৮ আগষ্টত৷ ন্যায়ালয়ৰ নির্দেশৰ পিছত ৰিটার্নিং বিষয়া উমেশ সিন্হাই এখন জাননীযোগে নির্বাচনৰ নতুন দিন ঘোষণা কৰে৷ সেই জাননীত কোৱা হৈছে যে যিসকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব বিচাৰে, তেওঁলোকে ২৫ৰ পৰা ২৭ আগষ্ট পর্যন্ত মনোনয়ন জমা দিব পাৰিব৷ ২৮ আগষ্টত মনোনয়ন পর্যবেক্ষণ কৰা হ’ব আৰু প্রত্যাহাৰৰ দিন ২৯ আগষ্টত৷ ইয়াৰ পিছতে ৩০ আগষ্টত সর্বভাৰতীয় ফুটবল ফেডাৰেচনৰ ৱেবছাইটত প্রার্থীসকলৰ তালিকা প্রকাশ কৰা হ’ব৷ ৰিটার্নিং বিষয়াই আৰু জনোৱা মতে, দুই ছেপ্ঢেম্বৰত নতুন দিল্লীত ফেডাৰেচনৰ সদৰ কার্যালয়ত নির্বাচন অনুষ্ঠিত হ’ব৷ ফলাফল প্রকাশ কৰা হ’ব দুই বা তিনি ছেপ্ঢেম্বৰত৷ উল্লেখ্য যে নির্বাচন অনুষ্ঠিত কৰি নতুন কমিটী গঠন কৰিব পাৰিলেই ফিফাৰ নির্বাসন প্রত্যাহাৰৰ সম্ভাৱনা আছে৷