এছিয়া কাপৰ পিছতে প্রেয়সীৰ সৈতে একেলগে থাকিব ৰাহুল; মুম্বাইৰ বান্দ্রাত ক্রয় কৰিছে নতুন ঘৰ
নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: কিছুদিন পূর্বে লোকেশ ৰাহুলে মুম্বাইত এটা ঘৰ কিনাৰ খবৰ প্রকাশ পাইছিল৷ এইবাৰ একেলগে থকাৰ প্রস্তুতিও আৰম্ভ কৰিছে ক্রিকেটাৰ ৰাহুল আৰু আথিয়া শেট্টীয়ে৷ মুম্বাইৰ সেই ঘৰত যোৱা মাহত গৃহ প্রৱেশৰ পূজাও কৰিছিল আথিয়াৰ পিতৃ তথা অভিনেতা সুনীল শেট্টীয়ে৷ মুম্বাইৰ বান্দ্রা অঞ্চলত ক্রয় কৰা ঘৰটোৰ গৃহসজ্জাও সম্পূর্ণ হৈছে৷ সম্প্রতি ৰাহুল জিম্বাব’ৱে ভ্রমণত আছে৷ ইয়াৰ মাজতে ঘৰৰ কাম সম্পূর্ণ কৰিছে আথিয়াই৷ এসপ্তাহ পূর্বৰ পৰা অভিনেত্রীগৰাকীয়ে সেই ঘৰতে থাকিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ লগে লগে আৰম্ভ হৈছে ৰাহুল আৰু আথিয়াৰ বিবাহৰ প্রস্তুতি৷ উল্লেখ্য যে আঘাতৰ চিকিৎসা কৰাবলৈ জার্মানীলৈ গৈছিল ৰাহুল৷ সেই সময়ত তেওঁৰ সৈতে আথিয়াও জার্মানীলৈ গৈছিল৷ ক্রিকেটাৰ আৰু বলীউডৰ অভিনেত্রীৰ যুটি ভাৰতত প্রথম নহয়, বিৰাট কোহলি আৰু অনুষ্কা শর্মাৰ পিছত এই প্রজন্মৰ আন এজন ক্রিকেটাৰে সেই দিশেই ভৰি দিছে৷ অহা ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ৷ ভাৰতীয় দলৰ সৈতে সেই প্রতিযোগিতাত খেলিবলৈ যাব ৰাহুল৷ তাৰ পৰা উভতি আহিয়েই মুম্বাইৰ নতুন ঘৰত সংসাৰ আৰম্ভ কৰিব তাৰকা দম্পতীয়ে৷