নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ পাছত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ পৰীক্ষা– মুখ্যমন্ত্রীৰ ঘোষণা

নিয়মীয়াবাৰ্তা, ২৪আগষ্ট: ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুর্থবর্গৰ চাকৰিৰ পৰীক্ষাত ইণ্টাৰনেট কর্তনক লৈ একাংশই চৰকাৰক কৰা সমালোচনাৰ বিপৰীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইণ্টাৰনেট কর্তন কৰাটো ভাল হৈছে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে যোৱা ২১ আগষ্টত চতুর্থবর্গৰ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু অহা ২৮ আগষ্টত তৃতীয়বর্গৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদৰে ১১ ছেপ্ঢেম্বৰত গাড়ীচালক পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই পৰীক্ষাত যাতে প্রশ্ণকাকত ফাদিলকে ধৰি কোনোধৰণৰ বেমেজালি সংঘটিত হ’ব নোৱাৰে তাৰ বাবে চৰকাৰে কঠোৰ সিদ্ধান্ত গ্রহণৰ লগতে ইণ্টাৰনেট সেৱা পর্যন্ত পৰীক্ষাৰ দিনকেইটাত কর্তনৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াকে লৈ একাংশই কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰীক্ষাৰ দিনা ইণ্টাৰনেট নিয়ন্ত্রণ কৰাটো ভাল হৈছে৷ অহা ২৮ আগষ্টৰ পৰীক্ষাৰ দিনাও ইণ্টাৰনেট কর্তন কৰা হ’ব৷ ইণ্টাৰনেট কর্তনৰ ফলত ৩০ হাজাৰ পদৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱা ১০ লাখ প্রার্থীয়ে শান্তি লাভ কৰিছে৷ প্রশ্ণকাকত ফাদিলৰ কোনো ঘটনা সংঘটিত হ’ব নোৱাৰে৷ অসমৰ বৃহত্তৰ স্বার্থতে ইণ্টাৰনেট কর্তন কৰা হৈছে৷ ইণ্টাৰনেট কর্তনৰ ফলত উক্তদিনা অ’লা–উবেৰৰ চালকসকল সমস্যাৰ সন্মুখীন হোৱা বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অ’লা–উবেৰৰ চালকসকলে আটাইতকৈ ভাল পাইছে৷ কাৰণ এই ব্যৱস্থাৰ ফলত অ’লা–উবেৰৰ চালকসকলৰ ল’ৰা–ছোৱালীয়ে ন্যায় পাব৷ তেওঁলোকে টকা দি চাকৰি ল’ব নোৱাৰে৷ আগতে ধনী ঘৰৰ লোকে চাকৰি পাইছিল৷ ইয়াৰ বাবে অ’লা–উবেৰৰ চালকসকলৰ লগতে পৰিয়ালে তেওঁক আশীর্বাদ দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে যি কৰিছে অ’লা–উবেৰৰ চালক, ৰিক্সাৱালা, ঠেলাৱালাৰ স্বার্থত কাম কৰিছে৷ এনেবোৰ কামৰ বাবেই অসমৰ দুখীয়া–দৰিদ্র ৰাইজে আমাক আশীর্বাদ দিছে৷

ইপিনে, স্বাস্থ্য বিভাগৰ পৰীক্ষা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে স্বাস্থ্য বিভাগৰ পৰীক্ষা পূজাৰ পাছত হ’ব৷ তিনি–চাৰিটা পৰীক্ষা একেলগে অনুষ্ঠিত কৰাত অসুবিধা হোৱাৰ পৰিপ্রেক্ষিততে স্বাস্থ্য বিভাগৰ পৰীক্ষাসমূহ পূজাৰ পাছত অনুষ্ঠিত কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like