নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অব্যাহত খঁকুৱা কৰ্মচাৰীৰ ভেঁটী লোৱা পৰ্বঃ দুৰ্নীতি নিৰীক্ষণ নিবাৰণ সঞ্চালকালয়ৰ জালত ধুবুৰীৰ আজহাৰুল

নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ উৎকোচ ল’বলৈ গৈ আজি ধুবুৰীত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ এটি দলৰ জালত পৰে সৰ্বশিক্ষা অভিযান মিচনৰ ধুবুৰী জিলাৰ ‘‘ডিস্ট্ৰিক্ট প্ৰোগ্ৰাম অফিচাৰ’’ আজহাৰুল ইছলাম। জানিব পৰা মতে, এগৰাকী ব্যক্তিৰ বাকী থকা দৰমহা মোকোলাই দিয়াৰ নামত উৎকোচ বিছাৰিছিল বিষয়াজনে। সেই ব্যক্তিগৰাকীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নীৰিক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ এটা দলে কৌশলেৰে ইছলামক কৰায়ত্ব কৰাৰ এক পৰিকল্পনা ৰচিছিল। সেই অনুসৰি আজি দুপৰীয়াৰ ফালে ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত ‘‘মা মনসা মন্দিৰ’’ৰ সমীপৰ এটা চাহ–মিঠাইৰ দোকানত উৎকোচ লোৱাৰ লগে লগে পূৰ্বৰে পৰা খাপপিটি থকা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ  সঞ্চালকালয়ৰ দলটোৱে ‘‘ডিস্ট্ৰিক্ট প্ৰোগ্ৰাম অফিচাৰ’’ ইছলামক হাতেলোটে কৰায়ত্ব কৰে। ইপিনে আজিৰ এই অভিযান সন্দৰ্ভত অথৱা অভিযোগকাৰীৰ সৱিশেষ সন্দৰ্ভত অভিযানকাৰী দলটোৱে একো জনোৱা নাই যদিও গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা ধৃত ইছলামে সম্প্ৰতি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰত নিজা গৃহ নিৰ্মাণ কৰিছিল বুলি জানিব পৰা গৈছে। তেওঁ এগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ঘনিষ্ঠ বুলিও এক চৰ্চা আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like