নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অনুষ্ঠিত হ’ব স্বাস্থ্য উৎসৱ

নিয়মীয়াবার্তা, ২৭আগষ্ট: গুণগত শিক্ষাৰ মান নির্ধাৰণৰ বাবে ৰাজ্যজুৰি গুণোৎসৱ অনুষ্ঠিত কৰাৰ পাছত এইবাৰ চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্রসমূহক্ সামৰি স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে৷ অহা দুমাহৰ ভিতৰতে ৰাজ্যত এই স্বাস্থ্য উৎসৱ অনুষ্ঠিত কৰা হ’ব৷ আজি এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ এক অনুষ্ঠানত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি আন্তঃগাঁথনিকে ধৰি সকলো দিশ স্বাস্থ্য উৎসৱৰ সময়ত সামৰি লোৱা হ’ব৷ এই প্রসংগতে তেওঁ কয়– ‘গুণোৎসৱৰ দৰে সকলো চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্রলৈ আমি দল প্রেৰণ কৰিম৷ সেই চিকিৎসালয়সমূহত কি কি অসুবিধা আছে, তাৰ সবিশেষ তথ্য স্বাস্থ্য উৎসৱৰ জৰিয়তে সংগ্রহ কৰা হ’ব, লগতে এই সমস্যাসমূহ তৎকালে সমাধানৰ বাবে কি ব্যৱস্থা গ্রহণ কৰিব পৰা যায়, সেয়াও সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ এই উৎসৱৰ সময়ত কাৰিকৰী আৰু অকাৰিকৰী দুয়োটা দিশ সামৰি লোৱা হ’ব৷ বিদ্যালয়লৈ যোৱাৰ দৰে দলসমূহে স্বাস্থ্যকেন্দ্রসমূহল্ গৈ তথ্য সংগ্রহ কৰিব৷’ ইফালে, এই স্বাস্থ্য উৎসৱৰ সময়ত সামৰি ল’বলগীয়া দিশসমূহৰ বিষয়ে সদৰী কৰি তেওঁ কয় যে চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্রসমূহৰ্ আন্তঃগাঁথনি, পথ যোগাযোগ, অস্ত্রোপচাৰ কক্ষ, লেবাৰ ৰুম, কর্মচাৰীৰ সংখ্যা আদিকে ধৰি সকলো ধৰণৰ বিষয় বিবেচনা কৰা হ’ব৷ ইয়াৰ ভিত্তিত পৰৱর্তী সময়ত ব্যৱস্থা গ্রহণ কৰিবলৈ চেষ্টা কৰা হ’ব৷

You might also like