নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্টাৰনেট কর্তনৰ প্রত্যাহাৰেৰে দাখিল কৰা আবেদন খাৰিজ

নিয়মীয়াবার্তা, ২৭আগষ্ট: ৰাজ্য চৰকাৰে অহা ২৮ আগষ্টত অনুষ্ঠিত কৰিবলগীয়া তৃতীয়বর্গৰ বিভিন্ন পদৰ লিখিত পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কর্তনৰ বাবে লোৱা সিদ্ধান্তক প্রত্যাহ্বান জনাই তৰা গোচৰ শুকুৰবাৰে খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ৰাজুপ্রসাদ শর্মা নামৰ লোকজনে দাখিল কৰা লেখ আবেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই সন্দর্ভত ৰাজ্য চৰকাৰে জাৰি কৰা জাননী বাহাল ৰাখে৷ অর্থাৎ অহা ২৮ আগষ্টত তৃতীয়বর্গৰ পদৰ লিখিত পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যত ম’বাইল ডাটা সেৱা বন্ধ থাকিব৷ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত ৰাজ্যখনৰ মুঠ ২৬খন জিলাত ম’বাইল ডাটা সেৱা বন্ধ থাকিব৷ ইয়াৰ পূর্বে যোৱা ২১ আগষ্টত অনুষ্ঠিত হোৱা চতুর্থবর্গৰ পদৰ লিখিত পৰীক্ষাৰ সময়তো ইণ্টাৰনেট সেৱা কর্তন কৰা হৈছিল৷

বিশেষকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ সময়ত যাতে প্রশ্ণকাকত ফাদিল হ’ব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি ম’বাইল ইণ্টাৰনেট সেৱা কর্তন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সেই সন্দর্ভত ৰাজ্য চৰকাৰে সংশ্লিষ্ট আইনৰ অধীনত এখন জাননীও জাৰি কৰিছে৷ এই জাননীখনকেই প্রত্যাহ্বান জনাই সমাজকর্মী ৰাজু কুমাৰ শর্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ তেওঁ দাখিল কৰা আবেদনখনৰ বৃহস্পতিবাৰৰে পৰা অনুষ্ঠিত হোৱা দীঘলীয়া শুনানিৰ অন্তত কালি বিচাৰপীঠখনে ৰাজ্য চৰকাৰৰ জাননী বাহাল ৰাখে৷ দুই পক্ষৰ অধিবক্তাৰ যুক্তি শুনি বিচাৰপীঠখনে ৰাজুপ্রসাদ শর্মাৰ আবেদনখন খাৰিজ কৰিছে৷

উল্লেখ্য যে টেলিগ্রাফ এক্ট ১৯৮৫ৰ অধীনত ছাছপেন্স অৱ ইণ্টাৰনেট সেৱা বিধি, ২০১৭ৰ অধীনত ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুর্থবর্গৰ পৰীক্ষাৰ সময়ত ম’বাইল ইণ্টাৰনেট সেৱা কর্তন কৰিবলৈ জাননীখন জাৰি কৰিছিল৷

You might also like