নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ৰ দ্বাৰা আয়োজিত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২২ৰ ছিনিয়ৰ ছফ্টৱেৰ সংস্কৰণত বিজয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ সন্তান উদ্দীপ্ত ৰাজ কাশ্যপে। কালি কৰ্ণাটকৰ হুবলিৰ কেএলই টেকন’লজিকেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছিনিয়ৰ ছফ্টৱেৰ সংস্কৰণৰ গ্ৰেণ্ড ফিনালেত উদ্দীপ্তৰ দলটোৱে পাঞ্জাৱৰ পাটিয়ালাস্থিত থাপাৰ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকনলজীক প্ৰতিনিধিত্ব কৰি এই গৌৰৱৰ অধিকাৰী হবলৈ সক্ষম হয়৷ এক লাখ টকাসহ প্ৰমাণ পত্ৰ লাভেৰে বিজয়ী হোৱা দলটোত অসম সন্তান উদ্দীপ্ত ৰাজ কাশ্যপৰ লগতে আছিল দীপাঞ্চী শৰ্মা, আয়ুষ কুমাৰ সিং,পৰমদীপ সিং গিল, শিৱম বাৰ্মা আৰু হৰ্ষপ্ৰীত সিং৷
উল্লেখ্য যে স্মাৰ্ট ইণ্ডিয়া হেকাথন হৈছে আমাৰ দৈনন্দিন জীৱনত আমি সন্মুখীন হোৱা কিছুমান গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰাৰ বাবে শিক্ষাৰ্থীসকলক এক মঞ্চ প্ৰদান কৰাৰ বাবে এক দেশব্যাপী পদক্ষেপ৷ আৰু এনেদৰে সামগ্ৰী উদ্ভাৱনৰ সংস্কৃতি আৰু সমস্যা সমাধানৰ মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰ্যালয়ে ২০১৭ বৰ্ষৰ পৰা আয়োজন কৰি আহিছে স্মাৰ্ট ইণ্ডিয়া হেকাথন৷ যোৱা ২৫ আগষ্টত লাভলী প্ৰফেচনেল বিশ্ববিদ্যালয়ত আৰম্ভ হোৱা এইবৰ্ষৰ হাৰ্ডৱেৰ সংস্কৰণৰ গ্ৰেণ্ড ফিনালে অহা ২৯ আগষ্টত সমাপ্ত হব৷ আনহাতে ছফ্টৱেৰ সংস্কৰণৰ গ্ৰেণ্ড ফিনালে ২৫ আগষ্টত আৰম্ভ হৈ কালি সমাপ্তি ঘটে৷
প্ৰেৰকঃ কল্যাণ কলিতা