পৰেশ বৰুৱাৰ চর্তক গুৰুত্ব চৰকাৰৰ; ৭ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰে আলোচনা কৰিব সোণোৱাল-ড০ শর্মাই
নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰীঃ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত এইবাৰ আলোচনাৰ মেজলৈ অহাৰ ইংগিত দিছে আলফা(স্বাধীন) ই । বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সাৰ্বভৌমত্তৰ চৰ্তত আলোচনাৰ বাবে এশ শতাংশই প্ৰস্তুত বুলি শেহতীয়াকৈ সংবাদ সংবাদ মাধ্যম নিউজ লাইভৰ এক অনুষ্ঠানত মন্তব্য প্ৰকাশ কৰাৰ পাছতে সমগ্ৰ বিষয়টোক লৈ ৰাজ্যত আৰম্ভ হৈছে চৰ্চা ।
প্ৰেক্ষাপট অনুষ্ঠানটোৰ পৰেশ বৰুৱাৰ স্পষ্ট বক্তব্য আছিল- সাৰ্বভৌমত্বৰ চৰ্তত আমি আলোচনাৰ বাবে ৰাজী । আমি সদায় ইতিবাচক, নেতিবাচক নহয়৷ পৰেশ বৰুৱাৰ এই মন্তব্যৰ পাছতে ৰাজ্য চৰকাৰে প্রতিক্রিয়া প্রকাশ কৰিছে৷ ৰাজ্য চৰকাৰৰ হৈ জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই কয়– পৰেশ বৰুৱাৰ কথাখিনি আমি গুৰুত্বসহকাৰে শুনিছোঁ৷ তেওঁৰ কথাখিনি প্রধানমন্ত্রী আৰু গৃহমন্ত্রীলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ৷ মন কৰিবলগীয়া যে ঐতিহাসিক বড়ো চুক্তি সম্পাদিত হোৱাৰ পাছতে আলফা (স্বাধীন)ৰ সৈতে শান্তি আলোচনাৰ বাবে কেন্দ্রীয় চৰকাৰ প্রস্তুত বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে স্পষ্ট কৰিছিল৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ আগ্রহৰ কথা সদৰী কৰি মন্ত্রী ড০ শর্মাই পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ অনুৰোধ জনাইছিল৷ ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ পাছতে সার্বভৌমত্বৰ চর্তত আলোচনাৰ বাবে আলফা সাজু বুলি কালি ‘নিউজ লাইভ’ৰে হোৱা সাক্ষাৎকাৰত স্পষ্ট কৰে পৰেশ বৰুৱাই৷ আলফাৰ সেনাধ্যক্ষজনৰ এই মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– আমি এটা ইতিবাচক মন ল’লে আলোচনাত আগবাঢ়ি যাব পাৰিম৷ পৰেশ বৰুৱাৰ বক্তব্য আমি সকলোৱে শুনিছোঁ, কেন্দ্রীয় চৰকাৰেও শুনিছে, ৰাজ্য চৰকাৰেও শুনিছে৷
সংবাদ মাধ্যমত প্রকাশ পোৱা মন্তব্যত মই প্রতিক্রিয়া প্রকাশ কৰিব বিচৰা নাই৷ কিন্তু সেই বক্তব্যত নিশ্চিতভাৱে এটা ইতিবাচক দিশ আছে আৰু মই ভাবোঁ ভাৰত চৰকাৰেও একেই ইতিবাচক দৃষ্টিভংগী গ্রহণ কৰিব৷ মন্ত্রী ড০ শর্মাই আলোচনাৰ সমগ্র বিষয়টো অহা ৭ ফেব্রুৱাৰীত কোকৰাঝাৰলৈ আহিব লগা প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আলোচনা কৰিব বুলিও উল্লেখ কৰে৷ এই সন্দর্ভত তেওঁ কয়– ৭ ফেব্রুৱাৰীত কোকৰাঝাৰলৈ আহিব লগা প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ ওচৰত সেই দিনা মই আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিষয়টো আলোচনা কৰিম৷ বিষয়টো ইতিবাচক বাতাৱৰণৰ মাজেৰে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম৷ ইফালে সার্বভৌমত্ব চর্ততহে পৰেশ বৰুৱাই আলোচনা কৰিব বুলি প্রকাশ কৰা মন্তব্য সন্দর্ভত মন্ত্রীগৰাকীয়ে কয়– ‘এই বিষয়টোত মই যদি কওঁ সম্ভৱ নহয়, তেন্তে আলোচনাৰ পৰিৱেশ আজিয়ে শেষ হৈ যাব৷ একে সময়তে মই যদি কওঁ এই আলোচনা সম্ভৱ, তেন্তে ভাৰত চৰকাৰে আপোনাক আলোচনাৰ বিষয়ত কথা কোৱাৰ অধিকাৰ কোনে দিলে বুলি প্রশ্ণ তুলিব৷ গতিকে মই কৈছোঁ– পৰেশ বৰুৱাৰ কথাখিনি আমি গুৰুত্বসহকাৰে শুনিছোঁ, তেওঁৰ কথাখিনি প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখনে সার্বভৌমত্বক লৈ আলাপ–আলোচনাত বহিব পাৰে নে নোৱাৰে, তাক কেন্দ্রীয় চৰকাৰে বিবেচনা কৰিব৷ কিন্তু মোৰ মনত আছে এসময়ত আলফাৰ ফালৰ পৰা কেন্দ্রীয় চৰকাৰৰ লগত এটা প্রাৰম্ভিক আলোচনাৰ বাতাৱৰণ তৈয়াৰ কৰা হৈছিল৷ কেন্দ্রীয় চৰকাৰে তাত উল্লেখ কৰিছিল যে আলফাৰ লগত সকলো বিষয়ৰ ওপৰত খৰচি মাৰি আলোচনা কৰিবলৈ ৰাজী৷ গতিকে মই ভাবোঁ শব্দকেইটাতকৈও বিষয়টো গুৰুত্বপূর্ণ৷ আলফা (স্বাধীন)ই যিখিনি কথা ক’ব বিচাৰিছে, সেই কথাখিনি যদি আলোচনাৰ মেজত মুকলিমূৰীয়াকৈ কোৱাত সুবিধা দিয়া হয় আৰু ভাৰত চৰকাৰে যদি সেই কথাখিনিয়ে শুনিব বিচাৰিছে, তেন্তে মই ভাবোঁ আলোচনাৰ এটা পটভূমি তৈয়াৰ কৰিব পৰা যাব৷’ পৰেশ বৰুৱাৰ মন্তব্যৰ পাছত মন্ত্রী ড০ শর্মাৰ ভাষ্যই শান্তি আলোচনাৰ ইতিবাচক গতিৰ ইংগিত দিছে৷ স্মর্তব্য যে আলফাৰ সৈতে ১৯৯১ চনত প্রয়াত প্রধানমন্ত্রী নৰসিংহ ৰাওৰ কার্যকালত প্রথমবাৰৰ বাবে আলোচনাৰ প্রক্রিয়া আৰম্ভ হৈছিল৷ সেই আলোচনাৰ মেজত তেতিয়াৰ কেইবাজনো আলফা নেতা বহিছিল যদিও পৰৱর্তী পর্যায়ত এই আলোচনাৰ প্রক্রিয়াই গতি লাভ নকৰিলে৷ একেদৰে ২০০৫ চনত পৰেশ বৰুৱাই গঠন কৰি দিয়া পিপল্ছ কনচালটেণ্ট গ্রুপ, চমুকৈ পি চি জিৰ জৰিয়তে আলোচনাৰ প্রক্রিয়া আৰম্ভ হৈছিল যদিও সেই আলোচনাটোৱে ফল লাভ নকৰিলে৷ শেহতীয়াকৈ পুনৰ শান্তি আলোচনাৰ বাবে সৃষ্টি হোৱা পৰিৱেশক লৈ বিভিন্ন ক্ষেত্রত আৰম্ভ হৈছে ব্যাপক চর্চা৷
ইয়াৰ মাজতে আলোচনাত মধ্যস্থতাকাৰী কোন হ’ব, তাক লৈও চর্চা চলিছে৷ এই সন্দর্ভত ৰাষ্ট্রীয় বার্তালোচনী আউট লুকে প্রকাশ কৰা বাতৰি অনুসৰি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে পৰেশ বৰুৱাৰ বাল্যকালৰ বন্ধু আৰু বর্তমান নিখোজ হৈ থকা ৰেৱতী ফুকনক নিয়োগ কৰা হৈছে৷ ৰেৱতী ফুকনৰ জৰিয়তে ভাৰত চৰকাৰে আলোচনাৰ বন্ধ দুৱাৰখন মুকলি কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ২০১৮ চনৰ এপ্রিল মাহত হঠাৎ নিৰুদ্দিষ্ট হৈ পৰা ৰেৱতী ফুকন সন্দর্ভত এতিয়াও কোনো তথ্য নাই যদিও ‘আউট লুক’–এ এক চাঞ্চল্যকৰ বাতৰি প্রকাশ কৰিছে৷ উক্ত বাতৰি মতে, ৰেৱতী ফুকনে আলফা আৰু কেন্দ্রৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা লৈ আহিছে৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই ৰেৱতী ফুকনক পৰেশ বৰুৱাক আলোচনাৰ বাবে সন্মত কৰিবলৈ নিয়োগ কৰিছে৷ স্মর্তব্য যে পৰেশ বৰুৱাই ২০০৫ চনত গঠন কৰা পি চি জিৰ অন্যতম সদস্য আছিল ৰেৱতী ফুকন৷ এইবাৰো ৰেৱতী ফুকনেই মধ্যস্থতাত আগভাগ লোৱাৰ সম্ভাৱনা আছে৷
ইপিনে, আলফা–চৰকাৰৰ শান্তি আলোচনাক লৈ আৰম্ভ হোৱা পৰিৱেশৰ মাজতে বিদ্রোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষজনক আলোচনাৰ বাবে আহ্বান জনালে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ শিলচৰত আজি সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মুখ্যমন্ত্রীয়ে কয়– অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামত থকা ৩ কোটি ৩০ লাখ লোকে শান্তি বিচাৰে৷ বড়ো বিদ্রোহী সংগঠনসমূহে শান্তি বিচাৰি আলোচনাৰ মেজলৈ আহিছে৷ গতিকে আলফা আৰু আন বিদ্রোহী সংগঠনসমূহেও আলোচনালৈ আহক৷ পৰেশ বৰুৱাক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে কয়– আঁতৰত নাথাকি সকলোৱে জাতীয় জীৱনৰ মূলসুঁতিলৈ ঘূৰি আহক৷ আলোচনাৰ মাজেৰেই শান্তি ঘূৰি আহিব৷