নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯০জনীয়া সংসাৰঃ বোকাখাতত বটবৃক্ষৰ তলত গোলাপ হাজৰিকাৰ বৃহৎ পৰিয়াল

গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ এখন ইতিহাসপ্রসিদ্ধ গাঁও কয়লাখাতত আছে প্রায় ৪০ বছৰীয়া এজোপা বটবৃক্ষ৷ বোকাখাতক জীপাল কৰি বৈ যোৱা ডিফলু নৈৰ পাৰতে গছজোপা ৰুইছিল কয়লাখাত গাঁৱৰ এটা পৰিয়ালৰ বর্তমানৰ মুৰব্বী ৮৫ বছৰীয়া গোলাপ হাজৰিকাই৷ গছজোপাই বর্তমান আগুৰি আছে প্রায় ৩ কঠা মাটি৷ এই গছজোপাৰ তলতে ২৬ জানুৱাৰীৰ দিনা সমৱেত হয় গোলাপ হাজৰিকাৰ অভিভাৱকত্বত চলি থকা ৯০জনীয়া পৰিয়ালৰ ৮৮গৰাকী সদস্য৷ বৃহৎ পৰিয়ালটোৰ প্রয়াত জীৱন হাজৰিকাৰ ঔৰসত আৰু প্রয়াত যোগেশ্বৰী হাজৰিকাৰ গর্ভত জন্ম হৈছিল ৮টি সন্তান৷ গোলাপ হাজৰিকা (৮৫), কালিৰাম হাজৰিকা (৮০), চাকিৰাম হাজৰিকা (৭৬), কেঁহোৰাম হাজৰিকা (৭৪), দেৱেশ্বৰ হাজৰিকা (৭০), ৰেব হাজৰিকা (৬৮), নোমল হাজৰিকা (৬৪) আৰু একমাত্র কন্যা বিমলা হাজৰিকা (৫৮)৷ ব্রহ্মপুত্রৰ ধনশিৰিৰ সংগমস্থল ধনশিৰিমুখত পূর্বপুৰুষে বসবাস কৰিছিল যদিও ধনশিৰি নৈৰ খহনীয়াই ঘৰ–মাটি খহাই নিয়াত ডিফলু নৈৰ পাৰৰ কয়লাখাত গাঁৱত পৰিয়ালটোৱে বসবাস কৰিবলৈ লয়৷ ধনশিৰিমুখৰ পৰা অহা লোকে বসবাস কৰাবাবে গাঁওখনক ধনশিৰিমুখীয়া বুলিও কোৱা হয়৷ বর্তমান এই পৰিয়ালটোৰ ৯০জনীয়া সদস্য সংখ্যাই পৰিয়ালটোৰ একমাত্র পৰিচয় নহয়, পৰিয়ালটোৰ সদস্যসকলৰ দেশ, জাতিৰ প্রতি আছে অৱদান, ক্রীডাৰ ক্ষেত্রত আছে বিশেষ অৰিহণা , শৈক্ষিক দিশতো দক্ষতাৰে উজলিছে নতুন প্রজন্ম, কৃষিৰ ক্ষেত্রতো কঢ়িয়াইছে প্রচুৰ সম্ভাৱনা৷ ৰাজনৈতিকভাৱে সচেতন পৰিয়ালটোৰ জনপ্রিয়তাই ৰাজনৈতিক প্রতিনিধি প্রক্ষেপ কৰি ৰাইজৰ স্নেহকো জয় কৰি নির্বাচিত হৈছে জনপ্রতিনিধি ৰূপে৷ পৰিয়ালটোৱে এতিয়াও অসমীয়া সমাজৰ পৰা প্রায় মেলানিমগা পৰম্পৰা অক্ষুণ্ণ ৰাখিছে৷ প্রতিটো বিহুতে কনিষ্ঠসকলে গোলাপ হাজৰিকাৰ পৰা আৰম্ভ কৰে থুৰিওৱা তামোল, গামোচা দি সেৱা কৰা পর্ব৷ পিতৃ–মাতৃৰ বার্ষিক শ্রাদ্ধ পাতিও পৰম্পৰাগত পদ্ধতিৰে আয়োজন কৰি আহিছে প্রতিবছৰে৷ পৰিস্থিতিগত কাৰণত কেউজন ককাই–ভাই পৃথক গৃহত থাকিলেও প্রতিসাঁজত কাৰোবাৰ ঘৰত বিশেষ কিবা ৰান্ধিলে ভগাই খায় কেউঘৰে৷ পৰিয়ালটোৰ পুৰুষসকলৰ কেইবাগৰাকীও ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়োৱা লোক৷ ৰাষ্ট্রীয় পর্যায়ৰ বক্সাৰ ৰেব হাজৰিকাই ভাৰতীয় সেনাৰ চুবেদাৰ ৰূপে অৱসৰ গ্রহণ কৰিলে৷ মুখ্যমন্ত্রীৰ বিশেষ বঁটা লাভ কৰা ৰেব হাজৰিকাই খেলুৱৈ পেন্সনো লাভ কৰিছে৷ বন বিভাগত চাকৰি কৰা নোমল হাজৰিকাই চাৰিবাৰকৈ লাভ কৰিছে বনমন্ত্রীৰ বিশেষ সাহসিকতাৰ বঁটা৷ সেনাবাহিনীত কর্মৰত সদানন্দ হাজৰিকাই সেনা মেডেলসহ লাভ কৰিছে ৰাষ্ট্রীয় বঁটা৷ সেনাবাহিনীৰ জুনিয়ৰ কমিছন বিষয়া ৰূপে বর্তমান সেৱা আগবঢ়াই আছে ভদ্রেশ্বৰ হাজৰিকাই৷ তদুপৰি নিপুল হাজৰিকা, মহন হাজৰিকাই সেনাবাহিনীৰ নায়ক আৰু আদিত্য হাজৰিকাই লেন্স নায়ক ৰূপে দেশ, জাতিৰ নিৰাপত্তাৰ বাবে সেনাবাহিনীত নিয়োজিত হৈ আছে৷ পৰিয়ালটোৰ ক্রীডাৰ ক্ষেত্রতো আছে দখল৷ ৰেব হাজৰিকা আছিল ৰাষ্ট্রীয় পর্যায়ৰ বক্সাৰ৷ কণমানি অনন্যা হাজৰিকা ৰাষ্ট্রীয় পর্যায়ৰ টাইকোৱানড’ খেলুৱৈ৷ বয়োজ্যেষ্ঠ প্রণিতা হাজৰিকাই ৰাষ্ট্রীয় খেলুৱৈ ৰূপে লাভ কৰিছে সোণৰ পদক৷ বোৱাৰী ৰাণু হাজৰিকাই সদৌ অসম মাষ্টার্ছ এথলেটিকছত দহ কিলোমিটাৰ দৌৰত লাভ কৰিছে স্বর্ণপদক৷ নৱপ্রজন্মৰ সতি–সন্ততিসকলৰো পঢ়া–শুনাত আছে ঈর্ষণীয় দখল৷ বিজ্ঞান বিভাগৰ স্নাতক, বি এড মনীষা হাজৰিকাই এইবাৰ এপিএছচিত অৱতীর্ণ হৈছে৷ ৰাজনৈতিকভাৱেও সচেতন পৰিয়ালটোৰ বোৱাৰী দীপজ্যোতি হাজৰিকা বর্তমান দক্ষিণ কাজিৰঙা গাঁও পঞ্চায়তৰ সভাপতি ৰূপে নির্বাচিত হৈছে৷ যোৱা ২৬ জানুৱাৰীত পৰিয়ালৰ সকলোৱে ডিফলুৰ পাৰৰ বৰগছজোপাৰ ছাঁত একেলগে এসাঁজ মুকলি ভাত খালে৷ অৱশ্যে ভাৰতীয় সেনাত কর্তব্যৰত দুগৰাকীয়ে ছুটী নোপোৱাত এই অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে৷ লক্ষণীয় আন এটা দিশ হ’ল পৰিয়ালটোৰ নিমখ, কেৰাচিন আৰু নিজে উৎপাদন কৰিব নোৱাৰা সামগ্রীসমূহৰ বাদে সকলো খাদ্য–সামগ্রী নিজা উৎপাদিত৷ ঘৰৰ গাইগৰুৰ গাখীৰ, বাৰীৰ শাক–পাচলি, পুখুৰীৰ মাছ উভৈনদী হৈ আছে৷ এখন গাঁওহেন পৰিয়ালটো দেখি অনুভৱ হ’ল দেশ, জাতিৰ হকে উৎসর্গিত মনোভাবেৰে কাম কৰা সকলো দিশতে পাৰদর্শী এই যৌথ পৰিয়ালটো নিশ্চিতভাৱে আজিৰ তাৰিখত এক অনন্য উদাহৰণ৷

You might also like