বজালীত নিৰ্মাণ হব মুক্তিযুঁজাৰু কামেশ্বৰ দাসৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিঃ মৃত্যু দিৱসত উপস্থিত থাকি ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ ‘বজালী জিলাৰ বামাখাটা গাঁৱত জন্ম হোৱা কামেশ্বৰ দাস কেৱল এগৰাকী ব্যক্তি নহয়, তেখেতে আছিল এটি অনুষ্ঠান৷ এইগৰাকী বৰেণ্য ব্যক্তিয়ে বজালী হাইস্কুল, বৰপেটা বিদ্যাপীঠ, বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়, বজালী মহাবিদ্যালয় তথা আজিৰ ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ কলিকতা বিশ্ববিদ্যালয়ত প্ৰবক্তাৰ পদ সেই সময়ৰ উপাচাৰ্য চাৰ আশুতোষ মুখাৰ্জীয়ে প্ৰদান কৰাৰ পিছতো তাত কাম নকৰি শিক্ষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিজ জন্মভুমিক মনে প্ৰানে ভাল পোৱা দাসে কাম কৰিবলৈ অসমলৈ ধাপলি মেলিছিল৷ এগৰাকী সু অধিবক্তা তথা অসম লোকসভা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ এইগৰাকী ব্যক্তিয়ে ভাৰত ত্যাগ আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হৈছিল৷” এই মন্তব্য কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত, মুক্তিযুঁজাৰু, আধুনিক বজালীৰ খনিকৰ তথা অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ কামেশ্বৰ দাসৰ ৫৬সংখ্যক মৃত্যু দিৱস আজি পাঠশালাৰ কেন্দুগুৰীৰ জোনাকী ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কামেশ্বৰ দাস স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ উদ্বোধনী ভাষণত উক্ত মন্তব্য কৰি কয় যে পণ্ডিত কামেশ্বৰ দাসে ১৯৩৭ৰ পৰা ১৯৪৬ আৰু ১৯৪৬ৰ পৰা ১৯৫২ চনলৈ দুবাৰকৈ বৰপেটা নৰ্থ সমষ্টিৰ পৰা বিধায়ক হিচাবে ৰাইজক সেৱা আগবঢ়াইছিল৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুণগৰিমা প্ৰচাৰ কৰা দাসে ছাৰ চৈয়দ মহম্মদ ছাদুল্লা, গোপীনাথ বৰদলৈ, মহেন্দ্ৰ মোহন চৌধুৰী, ফকৰুদ্দিন আলি আহমেদকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছিল৷ বিশিষ্ট সাহিত্যিক ড° বাণীকান্ত কাকতিৰ সতীৰ্থ এইগৰাকী বিশিষ্ট ব্যক্তিৰ আজি তিথিত একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰি আগন্তুক দিনত তেখেতৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বজালীত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে ভাষণত সদৰী কৰে৷ প্ৰয়াত কামেশ্বৰ দাস স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু স্মৃতি ৰক্ষা সমিতিৰ সভাপতি মাণিক চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক হেমেন দাসে উদ্দেশ্য বাখ্যা কৰা সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাস, বিশিষ্ট শিক্ষাবিদ তথা মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ মুৰাৰি মোহন দত্ত, মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰকাশ শৰ্মা, প্ৰাক্তন শিক্ষা বিষয়া ড° দুৰ্গেশ্বৰ দাস আদিকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে অসমৰ এগৰাকী প্ৰখ্যত গণিতজ্ঞ, সমাজকৰ্মী তথা আধুনিক বজালীৰ খনিকৰ প্ৰয়াত কামেশ্বৰ দাসৰ জীৱনাদৰ্শনৰ ওপৰত আলোকপাত কৰে৷ আৰ্থিক দীনতাৰ মাজেৰে পঢ়ি ১৯১৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অংশ শাস্ত্ৰত সোণৰ পদক সহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি নামনি অসমৰ প্ৰথমগৰাকী বিজ্ঞানৰ স্নাতকোত্তৰ হিচাপে স্বীকৃতি লাভ কৰা দাসৰ জীৱনযোৰা মহান অৱদান স্মৃতিচাৰণ কৰাৰ লগতে তেওঁৰ জীৱনাদৰ্শৰে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে তেওঁলোকে সকলোকে আহ্বান জনায়৷ স্মৃতিচাৰণ সভাৰ পূৰ্বে পুৱাৰ ভাগত প্ৰভাত ফেৰী, প্ৰয়াত দাসৰ পৰিয়াল বৰ্গৰ ফালৰ পৰা প্ৰতিছব্বিত মাল্যাৰ্পণ আৰু পুস্পাঞ্জলি প্ৰদান, গছপুলি ৰোপন, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হয়৷ উল্লেখ্য যে পুৱতি নিশাৰে পৰা আৰম্ভ হোৱা প্ৰৱল বৰষুণৰ প্ৰতিকুল বতৰকো নেওঁচি কেন্দুগুৰীৰ জোনাকী ভৱনত আজিৰ অনুষ্ঠানত শতাধিক ব্যক্তি উপস্থিত থাকে প্ৰয়াত কামেশ্বৰ দাসৰ স্মৃতিচাৰণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা