নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গাপূজাত পেলনীয়া প্লাষ্টিকৰ চামুচেৰে নিৰ্মিত দুৰ্গা প্ৰতিমাৰে চমক সৃষ্টি কৰিবলৈ সাজু ধুবুৰীৰ শিল্পী সঞ্জীৱ বসাক

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  বিগত প্ৰায় এটা দশকৰ পৰা বিভিন্ন অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি বিপুল জনপ্ৰিয়তা পোৱা ধুবুৰীৰ শিল্পী সঞ্জীৱ বসাকে এইবাৰো সাজু হৈছে পুনৰ এক আলোড়নৰ সৃষ্টি কৰিবলৈ। এইবেলি দুৰ্গাপূজাত প্ৰায় ১০ হাজাৰ পেলনীয়া প্লাষ্টিকৰ চামুচেৰে এক দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি চমক সৃষ্টি কৰিবলৈ সাজু হৈছে শিল্পীগৰাকীয়ে। ৰাইজৰ মাজত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক (single use plastic)ৰ ব্যৱহাৰ নকাৰৰ ওপৰত সজাগতা আনিবলৈ এই বিশেষ প্ৰতিমাটো নিৰ্মাণ কৰি থকা বুলি জনাইছে তেওঁ। বিগত প্ৰায় ডেৰমাহৰ পৰা নিৰ্মাণ কৰি থকা দেৱী দুৰ্গাসহ সিংহ আৰু মহিশাষৰ সম্পূৰ্ণ অৱয়বৰ সেই প্ৰতিমাটো সম্পূৰ্ণ হ’বলৈ আৰু ১৫ দিন মান লাগিব বুলি জনাইছে শিল্পী বসাকে। উল্লেখ্য যে, যোৱাবাৰৰ দুৰ্গাপূজাত ক’ভিড ভেকচিন লোৱাৰ বাবে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে শিল্পীগৰাকীয়ে ভেকচিন এম্পুল আৰু ইনজেকচনেৰে নিৰ্মাণ কৰা এটা বিশেষ দুৰ্গা প্ৰতিমাই ব্যাপক জনপ্ৰিয়তা লভিছিল। ২০১৬ চনত সঞ্জীৱ বসাকে থাৰ্মক’লেৰে নিৰ্মাণ কৰা ৪৮ ফুট উচ্চতাৰ এটি দূৰ্গা প্ৰতিমা গুৱাহাটীৰ পাণবজাৰৰ পূজামণ্ডপতো স্থান পাইছিল।

You might also like