নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোতমাত বডোফাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ কোকৰাঝাৰত আজি ৰাজ্য চৰকাৰৰ পঞ্চম কেবিনেট বৈঠক। সেই হেতুকে মন্ত্ৰীৰ সোঁত বয় কোকৰাঝাৰলৈ। কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ আগতে দোতমাত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ লগতে মন্ত্ৰীসকলেও বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইয়াৰ পিছত বৰাগাৰীত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বডোফাৰ পৰিয়ালৰ সদস্যৰ লগত মতবিনিময় কৰে। উক্ত মতবিনিময়ৰ সময়ত উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰীকা, পৰিমল শুক্লবৈদ্য, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ ৰনগৌৰা নাৰ্জাৰী, বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ লগতে বিটিআৰৰ মূখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপৰি পৰিষদীয় সদস্যসকলো উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকী দোতমাত উপস্থিত হোৱাৰ লগে লগে আদৰণি জনোৱাৰ বাবে বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ নেতৃত্বত এটি দল উপস্থিত হৈ আদৰণি জনায় । দোতমাৰ থুলুংগাপুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কেইবাটাও আঁচনি ঘোষণা কৰে।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like