বিজেপিৰ মিছন ১৪৪ : ৰণকৌশল তৈয়াৰত ব্যস্ত শীৰ্ষ নেতৃত্ব
বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লোকসভা নিৰ্বাচন-২০২৪ সন্দৰ্ভত বিৰোধীক একত্ৰিত কৰাৰ চেষ্টা চলাই থকাৰ সময়তে বিজেপিয়েও নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। সেই অনুসৰি বিজেপিয়ে মিছন ১৪৪ আৰম্ভ কৰিছে। এই ১৪৪খন আসন হল বিজেপিয়ে বিগত নিৰ্বাচনত কম ভোট তথা তৃতীয় স্থানত থাকি পৰাজয়বৰণ কৰা। গতিকে সেই আসনকেইখন নিজৰ দখললৈ অনাৰ বাবে ৰণকৌশল আৰম্ভ কৰিছে বিজেপিয়ে। বিজেপিৰ ৰণকৌশল অনুসৰি এই ১৪৪ সমষ্টিত নিয়োগ কৰা হৈছিল পৰ্যবেক্ষকক। পৰ্যবেক্ষকৰ প্ৰতিবেদন অনুসৰিয়ে আৰম্ভ ৰণকৌশল। মঙলবাৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে লোকসভাৰ ১৪৪খন আসনত দলটোক অধিক শক্তিশালী কৰাৰ অনুশীলনৰ পৰ্যালোচনা কৰে। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই বৈঠকত বিগত নিৰ্বাচনত বিজেপিয়ে সামান্য ব্যৱধানত পৰাস্ত হোৱা সেই ১৪৪ খন লোকসভাৰ আসন জয় কৰাৰ কৌশল প্ৰস্তুত কৰা হৈছিল। ইয়াৰ ভিতৰত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দ্বিতীয় বা তৃতীয় স্থান লাভ কৰা বা য’ত কেতিয়াও জয়ী হোৱা নাই সেই সমষ্টিসমূহো আছে। সূত্ৰটোৱে লগতে প্ৰকাশ কৰিছে যে এই আসনসমূহ গোটত ভাগ কৰি প্ৰতিটো গোটৰ মুৰব্বী হিচাপে এজন কেন্দ্ৰীয় মন্ত্ৰী নিযুক্তি দিয়া হৈছিল। মন্ত্ৰীসকলে এই সমষ্টিসমূহত বিজেপিৰ স্থিতি বিশ্লেষণ কৰি ২০২৪ চনৰ নিৰ্বাচনত দলটোৰ জয় নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ চিনাক্ত কৰে। অনুমান কৰা হৈছে যে আজিৰ বৈঠকত নিযুক্ত মন্ত্ৰীসকলে এই সমষ্টিসমূহৰ সন্দৰ্ভত বিশদ প্ৰতিবেদন দাখিল কৰে। ইফালে বুধবাৰৰ পৰা প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ হ’বলৈ ওলোৱাৰ সময়ত আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে দিল্লীত বিৰোধী নেতাসকলক সাক্ষাৎ কৰাৰ সময়তে এই বৈঠকখনো তাৎপৰ্যপূৰ্ণ হৈ পৰিছে, সকলো বিজেপিবিৰোধী দল ঐক্যবদ্ধ হ’বলৈ চেষ্টা কৰিছে। আজিৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, সংগঠনৰ সাধাৰণ সম্পাদক বি এল সন্তোষ, সুনীল বনছাল, ভূপেন্দ্ৰ যাদৱ, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ পেটেল, ৰাজীৱ চন্দ্ৰশেখৰ, সুভাষ সৰকাৰ, জি কিষাণ ৰেড্ডী এল মুৰ্গান, পংকজ চৌধুৰী, কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনি, কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা জাৰদোষ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰ, কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বলিয়ান, কেন্দ্ৰীয় মন্ত্ৰী বি এল ভাৰ্মা অৰ্জুন মুণ্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং উপস্থিত থাকে।