নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিকেটৰ পৰা অৱসৰ ঘোষণা সুৰেশ ৰাইনাৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: সকলোধৰণৰ ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে সুৰেশ ৰাইনাই৷ দুবছৰ পূর্বেই আন্তর্জাতিক ক্রিকেটৰ পৰা তেওঁ অৱসৰ লৈছিল৷ এইবাৰ আই পি এল আৰু ঘৰুৱা ক্রিকেটৰ পৰাও অৱসৰ ল’লে ৰাইনাই৷ টুইট কৰি ভাৰতৰ প্রাক্তন বাঁওহতীয়া বেটাৰগৰাকীয়ে এই অৱসৰৰ কথা ঘোষণা কৰিছে৷ ৩৫ বছৰীয়া ৰাইনাই ২০২০ চনৰ স্বাধীনতা দিৱসৰ দিনা মহেন্দ্র সিং ধোনীৰ সৈতে আন্তর্জাতিক ক্রিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল৷ ৰাইনাই আজি টুইট কৰি লিখিছে ‘দেশ আৰু আমাৰ ৰাজ্য উত্তৰ প্রদেশৰ হৈ খেলাটো অতি গৌৰৱৰ বিষয়৷ মই সকলোধৰণৰ ক্রিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ ভাৰতীয় ক্রিকেট ব’ড, উত্তৰ প্রদেশ ক্রিকেট সন্থা, চেন্নাই ছুপাৰ কিংছ আৰু ৰাজীৱ শুক্লাক ধন্যবাদ জনাব বিচাৰোঁ৷ মোৰ ওপৰত বিশ্বাস ৰখা বাবে সমর্থকসকলকো ধন্যবাদ জনাইছোঁ৷’ সকলোধৰণৰ ক্রিকেটৰ পৰা অৱসৰ ল’লেও ৰাইনাক বিদেশী টি–২০ লীগত খেলা দেখা যাব পাৰে৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে খেলুৱৈগৰাকীয়ে ৰোড ছেফটী ছিৰিজত খেলিব৷

You might also like