নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ পিছত ‘কুমাৰীত্ব’ পৰীক্ষাত ব্যর্থ মহিলাক নির্যাতন; ১০ লাখ টকা জৰিমনা

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: সদ্যবিবাহিতা নাৰীয়ে দিবলগীয়া হ’ল কুমাৰীত্বৰ পৰীক্ষা৷ সেই পৰীক্ষাত ব্যর্থ হোৱা বাবে নৱবিবাহিতাৰ পৰিয়ালে দিবলগীয়া হ’ল জৰিমনা৷ ইয়াৰ পিছতে নৱবিবাহিতা এই বোৱাৰীগৰাকীক ত্যাগ কৰিলে শহুৰেকৰ পৰিয়ালে৷ ঘটনাটো ৰাজস্থানৰ ভিলৱাৰাৰ৷ তিনি মাহ পূর্বৰ হ’লেও শেহতীয়াকৈ প্রশাসনৰ নজৰলৈ আহিছে ৰাজস্থানৰ এই শিহৰণকাৰী কাণ্ড৷ ২৪ বছৰ বয়সীয়া যুৱতীগৰাকী বিবাহপাশত আবদ্ধ হৈছিল যোৱা ১১ মে’ত৷ বিয়াৰ পিছত ৰাজস্থানৰ বিশেষ এটা সম্প্রদায়ৰ ‘কুকড়ী’ ৰীতি মানি যুৱতীগৰাকীয়ে কুমাৰীত্বৰ পৰীক্ষা দিবলগীয়া হয়৷ লজ্জাজনক এই পৰীক্ষাত ব্যর্থ হয় নৱবিবাহিতাগৰাকী৷ পৰীক্ষাত ব্যর্থ হ’লে পত্নীক ত্যাগ কৰাৰ উপৰি স্বামী তথা তেওঁৰ পৰিয়ালে নগ্ণ কৰি গাঁৱত ঘূৰাই লৈ ফুৰিবও পাৰে৷ এই কুপ্রথা এতিয়াও অব্যাহত আছে ভিলৱাৰাত৷ ভিলৱাৰাৰ এই শেহতীয়া ঘটনাত মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালক ১০ লাখ টকাৰ জৰিমনাও বিহা হৈছে৷ তথাপি মহিলাগৰাকীক স্বামীগৃহই ত্যাগ কৰে৷ শেহতীয়াকৈ জৰিমনা আদায় দিব নোৱৰাৰ বাবে মহিলাগৰাকীক পৰিয়ালত আতিশয্য চলাইছে স্বামীগৃহই৷ ইতিমধ্যে এই ঘটনা সন্দর্ভত ৰুজু হৈছে এক গোচৰ৷

You might also like