ভুৱা কম্পিউটাৰৰ প্রমাণ–পত্রক লৈ বন্ধ নিযুক্তি; উপ–পৰিদর্শক পর্যায়ত নিযুক্তিৰ দাবীৰে সৰৱ বঞ্চিত প্রার্থী
নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ: ৰাজ্যিক পর্যায়ত আৰক্ষী নিযুক্তি ব’ৰ্ডৰ বিৰুদ্ধে আজি সৰৱ হ’ল একাংশ বঞ্চিত প্রার্থী৷ একাংশ প্রার্থীৰ ভুৱা নিযুক্তিৰ প্রমাণ–পত্রৰ বাবে ৪১৪জন প্রার্থীক বঞ্চিত কৰি ৰখা বাবে ক্ষুব্ধ প্রার্থীসকলে অচিৰেই নিযুক্তিৰ দাবী তোলে ৰাজ্য চৰকাৰৰ ওচৰত৷
উল্লেখ্য যে ২০১৭ চনত অসম আৰক্ষীত উপ–পৰিদর্শক পর্যায়ৰ পদৰ বাবে নিযুক্তি প্রক্রিয়াত অৱতীর্ণ হোৱা প্রার্থীসকলৰ একাংশই ভুৱা কম্পিউটাৰ প্রমাণ–পত্র দাখিল কৰাৰ বাবে সমগ্র নিযুক্তি প্রক্রিয়া বন্ধ কৰি ৰাখিছিল আৰক্ষী বিভাগে৷ আনকি ভুৱা কম্পিউটাৰৰ প্রমাণ–পত্র দাখিল কৰাৰ অপৰাধৰ বাবে আৰক্ষী বিভাগে চলিত বর্ষতে এটা গোচৰো ৰুজু কৰিছিল৷
সেইমর্মে প্রার্থীসকলে দাখিল কৰা কম্পিউটাৰৰ প্রমাণ–পত্রসমূহ পৰীক্ষাও কৰা হৈছিল৷ কিন্তু ইমানখিনিৰ পাছতো আৰক্ষীয়ে বিচাৰি উলিয়াব নোৱাৰিলে কোন কোন প্রার্থীয়ে ভুৱা প্রমাণ–পত্র দাখিল কৰিছে৷ তাৰ বিপৰীতে পৰীক্ষা নিযুক্তি প্রক্রিয়াত উত্তীর্ণ হোৱা ৪১৪জন প্রার্থীক নিযুক্তিৰ পৰা বঞ্চিত কৰি ৰখা হ’ল৷ আজি বঞ্চিতসকলে এখন সংবাদ মেল সম্বোধন কৰি সমগ্র বিষয়টো উল্লেখ কৰি অভিযোগ কৰে যে ভুৱা প্রমাণ–পত্র দাখিলৰ বাবে সকলো প্রার্থীকে বঞ্চিত কৰি ৰখা হৈছে যদিও ইয়াৰ মাজৰে ৬০জন প্রার্থীয়ে আন এটা পদৰ বাবে দাখিল কৰা এনে প্রমাণ–পত্রৰ জৰিয়তে নিযুক্তি লাভ কৰিছে৷
আনকি তেওঁলোকে এতিয়া প্রশিক্ষণতো ব্যস্ত আছে৷ ইয়াৰ বিপৰীতে কিন্তু বঞ্চিত প্রার্থীসকলক তদন্তৰ নামত ওলোমাই ৰখাই নহয়, কম্পিউটাৰৰ প্রমাণ–পত্রসমূহ পৰীক্ষাৰ নামত যোৱা দীর্ঘসময় ধৰি সুমুৱাই ৰখা হ’ল চি আই ডি অফিচত৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপৰ দাবী তুলি বঞ্চিত প্রার্থীসকলে অচিৰেই সমগ্র বিষয়টো সঠিক দিশেৰে নি নিযুক্তিৰ প্রক্রিয়া সম্পন্ন কৰিব লাগে বুলি দাবী তুলিছে৷