নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বিজনীত পুনৰ টোল গেট মুকলি

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ চিৰাঙৰ বিজনীত পুনৰ মুকলি হ’ল টোল গেট৷ চাৰি শাখাযুক্ত ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত দীর্ঘদিনে বন্ধ দহলাপাৰা টোল গেটখন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্রী চন্দন ব্রহ্মই৷ ৰাষ্ট্রীয় ঘাইপথ নির্মাণ প্রাধিকাৰীয়ে পূর্বতেও এই টোল গেট মুকলি কৰিছিল৷ কৃষক মুক্তি সংগ্রাম সমিতিয়ে কেইমাহমানৰ পিছতে ভাঙি পেলাইছিল৷ ইয়াৰ পিছতে দীর্ঘদিন ধৰি পৰিত্যক্ত হৈ থকা টোল গেটখন বৃহস্পতিবাৰৰ পৰা পুনৰ মুকলি কৰা হ’ল৷ এইবাৰ টোল গেটখনৰ নিবিদা লাভ কৰিছে স্কাইলার্ক ইনফ্রা ইঞ্জিনীয়াৰিং প্রাইভেট লিমিটেড নামৰ গুৰগাঁৱৰ এটা প্রতিষ্ঠানে৷ মন্ত্রী ব্রহ্মই আনুষ্ঠানিকভাৱে ফিতা কাটি টোল গেট মুকলি কৰে৷ টোল প্লাজাত আৰক্ষী–নিৰাপত্তা বাহিনীৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ মন্ত্রী ব্রহ্মই চাৰি শাখাযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ পিছত মেৰামতিকে আদি কৰি যাৱতীয় খৰচৰ বাবে কৰ সংগ্রহ কৰা বুলি জানিব দি ৰাইজৰ সহায়–সহযোগ কামনা কৰে৷ ইফালে টোল গেট মুকলি কৰাৰ পিছতে একাংশ চালকে অত্যধিক নিৰিখত কৰ সংগ্রহ কৰাৰ অভিযোগ উত্থাপন কৰি বাক–বিতণ্ডাৰ সৃষ্টি কৰে৷ হঠাতে টোল গেট স্থাপন কৰি উচ্চহাৰত এই ধন আদায় দিবলৈ একাংশ চালকে অপাৰগতাও প্রকাশ কৰে৷ ইফালে টোল সংগ্রহকাৰী প্রতিষ্ঠানটোৱে চৰকাৰী নিৰিখ মতে কৰ সংগ্রহ চলি থকা বুলি জানিবলৈ দিয়াৰ লগতে স্থানীয় লোকসকলক সংস্থাপনকে আদি কৰি বিভিন্ন সা সুবিধা প্রদান কৰা বুলি জানিব দিয়ে৷
প্রতিক্রিয়া আক্রাছু, দল–সংগঠনৰ 
বিজনীৰ দহলাপাৰাত টোল গেট মুকলিৰ পিছতে ইয়াৰ তীব্র বিৰোধিতা কৰিছে কেইবাটাও দল–সংগঠনে৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা বিবৃতিত আক্রাছু(ক)ৰ উপদেষ্টা হিতেশ্বৰ বর্মন, আছাৰ সভাপতি জাষ্টিন লাক্রা, নাথ–যোগী ছাত্র সন্থাৰ সম্পাদক অৰবিন্দ নাথে চাৰি শাখাযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম সম্পূর্ণ নৌহওঁতেই কৰ সংগ্রহৰ বিৰোধিতা কৰে৷ চৰকাৰে অত্যধিক হাৰত কৰ সংগ্রহ কৰি লুণ্ঠন চলোৱাৰ অভিযোগ কৰি নেতা তিনিজনে কয় যে চৰকাৰে কৰ সংগ্রহ ৰাজপথটোৰ কাম সম্পূর্ণ নকৰাকৈ আৰম্ভ কৰিছে৷ ৰাষ্ট্রীয় ঘাইপথত থাকিবলগীয়া সা–সুবিধাসমূহৰো কোনো ব্যৱস্থা কৰা হোৱা নাই৷ পথৰ মাজভাগ আৰু দাঁতিত গছপুলি আদিও ৰোপণ কৰা হোৱা নাই৷ আনহাতে সংগঠন তিনিটাই কৰ সংগ্রহ বন্ধ নাৰাখিলে আগন্তুক দিনত তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ আনহাতে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে অত্যধিক হাৰত টোল সংগ্রহ আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ প্রয়োজনীয় আন্তঃগাঁথনি, সা–সুবিধা আৰু সুচল যাতায়াতৰ ব্যৱস্থা নকৰাকৈ ৰাইজৰ পৰা কৰ সংগ্রহ যুক্তিসংগত নহয় বুলি জানিব দি সংগঠনটোৱে ইয়াক বন্ধ ৰখাৰ আহ্বান জনায়৷ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ লগতে বঙাইগাঁও জিলাৰ সভাপতি মহিধৰ ৰায় আৰু সম্পাদক নন্দন দেৱ নাথকে ধৰি নেতৃবর্গক কাৰাৰুদ্ধ কৰি চৰকাৰে টোল গেট মুকলি কৰা বুলি সমালোচনা কৰে সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিয়ে৷

You might also like