বিজেপিৰ নির্বাচনৰ তৎপৰতাঃ ৭ অক্টোবৰত অসমলৈ জে পি নাড্ডা; ৮ অক্টোবৰত আহিব গৃহমন্ত্রী অমিত শ্বাহ
- ৭ অক্টোবৰত অসমলৈ আহিব ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা
- মন্ত্রী–বিধায়ক, বিষয়ববীয়াৰে বহিব বৈঠকত
- ৮ অক্টোবৰত আহিব গৃহমন্ত্রী অমিত শ্বাহ
- উদ্বোধন কৰিব ৰাজ্যিক বিজেপিৰ নতুন কার্যালয়
- খানাপাৰাত ভাগ ল’ব বিশাল কর্মীসভাত
নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: ২০২৪ চনত লোকসভা নির্বাচনক লৈ আগতীয়াকৈ তৎপৰতা আৰম্ভ কৰিছে শাসকীয় বিজেপি দলে৷ বিশেষকৈ উত্তৰ–পূবৰ ৰাজ্যসমূহত দলৰ স্থিতি অধিক শক্তিশালী কৰা লক্ষ্যৰে সাংগঠনিক কাম–কাজ অধিক ক্ষিপ্র কৰি তোলা দলটোৱে তৃণমূল পর্যায়ৰ কর্মীক অধিক সক্রিয় কৰাৰ প্রস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে৷ এনে প্রস্তুতিৰ অংশস্বৰূপে অহা ৮ অক্টোবৰত দলীয় কার্যকর্তাক উদ্বুদ্ধ কৰিবলৈ অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷
মন কৰিবলগীয়া যে অসম তথা উত্তৰ–পূবৰ লোকসভাৰ আসনৰ হিচাপ–নিকাচ কৰি তোলা বিজেপিয়ে আগন্তুক নির্বাচনত দলৰ বাবে অধিক আসন লাভ কৰাৰ লক্ষ্যৰে প্রস্তুত কৰিছে বিশেষ পৰিকল্পনা৷ দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে এই উদ্দেশ্যে ইতিমধ্যে কেইবাবাৰো ভ্রমণ কৰিছে অসম তথা উত্তৰ–পূবৰ ৰাজ্যসমূহ৷ এনে প্রস্তুতিক অধিক আগুৱাই নিয়াৰ বাবে অহা ৮ অক্টোবৰত গুৱাহাটীলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অহাৰ এদিন পূর্বে অসমলৈ আহিব দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷
৭ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’বলগা ৰাষ্ট্রীয় সভাপতি নাড্ডাই উক্তদিনা দলৰ বিষয়ববীয়া, মন্ত্রী–বিধায়কসকল্ সৈতে অনুষ্ঠিত কৰিব এক গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকতে মুখ্যতঃ লোকসভা নির্বাচনৰ প্রস্তুতি সম্পর্কে আভাস লোৱাৰ লগতে দলৰ নির্বাচনী পৰিকল্পনা সন্দর্ভতো ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে ৰাজ্যিক বিজেপিক বিস্তৃত বর্ণনা কৰিব৷
আনহাতে, ৮ অক্টোবৰত অসমত উপস্থিত হ’বলগা গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ নতুন কার্যালয় দীনদয়াল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ বশিষ্ঠত ইতিমধ্যে সম্পূর্ণ হৈ উঠা ৰাজ্যিক বিজেপিৰ কার্যালয়টো মুকলি কৰাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উক্তদিনা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কার্যকর্তাৰ এক বিশাল সন্মিলনতো ভাগ ল’ব৷ এই সন্মিলনত বিশেষভাৱে উপস্থিত থাকিব দলৰ বুথ সভাপতি–সম্পাদক, মণ্ডল সভাপতি–সম্পাদক আৰু পৃষ্ঠাপ্রমুখসকল৷