মই পণ্ডিত নহয়, পাণ্ডিত্য গুণ মোৰ নাইঃ তিতাবৰত দিগন্ত বিশ্ব শৰ্মা
বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰ : নিজৰ বক্তব্য আৰু কথনশৈলীৰে দেশৰ লগতে বিদেশতো জ্ঞানৰ কিৰণ বিলাই জনপ্ৰিয়তা অৰ্জন কৰা শিক্ষাবিদ দিগন্ত বিশ্ব শৰ্মাই আজি তিতাবৰত যোগ জ্ঞান শিক্ষাৰ ওপৰত এক সাৱলীল বক্তব্য প্ৰদান কৰে। তিতাবৰ ন-আলি ঢেকীয়াজুলিৰ ডঃ নবীন বৰদলৈ মহাবিদ্যালয়ত “দ্য আইডিয়েল অফ মডাৰ্ন এডুকেশ্বন এণ্ড ইণ্ডিয়াছ এটাৰনেল ভিজন অফ এডুকেশ্বন” শীৰ্ষক বিষয়ৰ ওপৰত সু গভীৰ বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলক আপ্লুত কৰে। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ দুলেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বক্তব্যৰ আঁত ধৰি দিগন্ত বিশ্ব শৰ্মাই কয় যে মই পণ্ডিত নহয় পাণ্ডিত্য গুণ মোৰ নাই। মই যি কৰোঁ যি চিন্তা চৰ্চা কৰোঁ পৰমাত্মা শ্ৰীচৰণত অৰ্পণ কৰোঁ।লগতে কয় যে বক্তৃতা এটা সময়ত মোৰ জীৱনৰ প্ৰবৃত্তি আছিল এতিয়া বক্তৃতা মোৰ প্ৰবৃত্তি নহয় বক্তৃতা এতিয়া মোৰ সাধনাৰ অবিচ্ছেদ্য অংগ। তেওঁ গুৰু অৰবিন্দৰ চিন্তাশৈলীক আঁত ধৰি কয় যে মহাঋষি অৰবিন্দই ভাৰতৰ মস্তিষ্ক ওপৰত যি চিন্তা চৰ্চা কৰিছিল মই ভাবো ভাৰতত তেওঁৰ বাহিৰে এই বিষয়ত আৰু কোনেও চিন্তা চৰ্চা কৰা নাই । তেওঁ কয় যে যোগ কি।যোগ হল চাইকলজিকেল প্ৰচেছ। যোগ মানে চিকিৎসা বিজ্ঞান নহয়, যোগ মানে আসন প্ৰাণায়ম নহয়। যোগৰ আঠটা তত্ত্বৰ মাজৰ মাত্ৰ দুটা তত্ত্বহে আছে। যোগ আসন আৰু প্ৰাণায়মৰ এক মাত্ৰ পদ্ধতি নহয়। শিক্ষাৰ ওপৰত তেওঁ কয় যে শিক্ষাত দুটা তত্ত্ব আছে।শিক্ষাক আমি যন্ত্ৰ ৰূপে ব্যৱহাৰ কৰিছোঁ। শিক্ষাৰ মূল উদ্দেশ্য পৃথিৱীৰ লগত জগতৰ লগত সম্পৰ্ক নাই। শিক্ষাৰ যি অন্তৰ্নিহিত মূল উদ্দেশ্য এই মূল উদ্দেশ্যৰ পৰা পৃথিৱীৰ ভদ্ৰ সমাজ, সভ্য সমাজৰ বিদ্যায়তনিক সমাজ শিক্ষিত সমাজ নিজকে শিক্ষাৰ পৰা বিচ্ছিন্ন কৰিছে। যোগা আৰু শিক্ষা একেই। ভাৰতৰ শিক্ষাৰ দৃষ্টিত যোগাৰ যি লক্ষ্য শিক্ষাৰ যি লক্ষ্য একেই। শিক্ষাৰ প্ৰেক্টিকেল লেবৰেটৰী হল যোগ। যোগা হল চাইকলজিকেল প্ৰচেছ আৰু শিক্ষা হল চাইকলজিকেল প্ৰচেছ। বিজ্ঞানক আমি গুৰুত্ব দিওঁ দৰ্শনক আমি গুৰুত্ব নিদিওঁ। কাৰণ দৰ্শনে আমাৰ জীৱনটো আৰাম দিব নোৱাৰে। বিজ্ঞানে আমাৰ জীৱনটো আৰাম দিব পাৰে আনন্দদায়ক কৰি তুলিব পাৰে। বিজ্ঞানে যদিহে আমাক আৰাম দিব নোৱাৰিলেহেঁতেন তেতিয়া দৰ্শনৰ দৰে বিজ্ঞানক বুঢ়া আঙুলি দেখুৱাই দিলেহেঁতেন।আধুনিক শিক্ষাৰ ওপৰত তেওঁ কয় যে আধুনিক শিক্ষাত তিনিটা উপাদান আছে।এক জ্ঞানৰ আহৰণ দুই বস্তুৰ পৰিচয় আৰু তৃতীয় হল বিষয় উৎপত্তি।আজিৰ শিক্ষা ব্যৱস্থা বিষয় কেন্দ্ৰীক বিদ্যাৰ্থী কেন্দ্ৰিক নহয়।এই শিক্ষা ব্যৱস্থাই বিদ্যাৰ্থীৰ আকুল অন্তৰৰ হৃদয় স্পন্দন কৰিব নিদিয়ে।এই শিক্ষা ব্যৱস্থাই বিষয়ৰ ওপৰত দৃষ্টিপাত কৰে বিদ্যাৰ্থীৰ ওপৰত দৃষ্টিপাত নকৰে।এই শিক্ষা ব্যৱস্থাই বিদ্যাৰ্থীৰ লগত কোনো অন্তৰংগ সম্বন্ধ স্থাপন নকৰে।এই শিক্ষা ব্যৱস্থাই বিদ্যাৰ্থীৰ আপোন অন্তৰৰ স্পন্দন স্পৰ্শ কৰিব নিদিয়ে।সনাতন ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কয় যে আধুনিক ভাৰতৰ শিক্ষা ব্যৱস্থা যেনেদৰে তিনিটা উপাদান আছে তেনেদৰে সনাতন ভাৰতৰ শিক্ষা ব্যৱস্থাত তিনিটা উপাদান আছে।ভাৰতৰ শিক্ষা ব্যৱস্থা বিষয় বস্তুৰ ওপৰত নহয় ভাৰতৰ শিক্ষা ব্যৱস্থা জীৱন কেন্দ্ৰীক।জীৱনৰ লক্ষ্যত উপনীত হোৱা জীৱনৰ সাৰ্থকতাৰ ওপৰত।যি শিক্ষাই পূৰ্ণৰূপে বিকশিত আৰু প্ৰকাশিত হোৱাত সহায় কৰে সেই শিক্ষা হল জীৱন্ত।এনেদৰে শিক্ষা জ্ঞান আৰু যোগৰ ওপৰত তেওঁ তত্ব গধুৰ বক্তব্য আগবঢ়াই।লগতে তেওঁ কয় যে মোৰ বক্তব্যই যদি মাত্ৰ এজন ছাত্ৰৰ খনিকৰ চিন্তাৰ সমল যোগাই সেইয়া হব মোৰ সাৰ্থকতা।সীমান্ত প্ৰতিম বৰগোহাঞিয়ে আঁত ধৰা সভাখনত আদৰণি ভাষণ দিয়ে মহাবিদ্যালয় খনৰ অধ্যক্ষ উৎপল বৰদলৈয়ে।সভাত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক অতুল চন্দ্ৰ বৰদলৈ আৰু মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কালৰ সম্পাদক ভোগেশ্বৰ শইকীয়া উপস্থিত থাকে।
প্ৰেৰক প্ৰণৱজ্যোতি কলিতা