নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপৰ বাবে নতুন জাৰ্চি মুকলি কৰিলে বিচিচিআইয়ে

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ বিচিচিআইয়ে মুকলি কৰিলে টি-২০ বিশ্বকাপৰ নতুন জাৰ্চিৰ ছবি। ২০০৭ চনৰ টি-২০ বিশ্বকাপৰ স্মৃতিত প্ৰস্তুত কৰা হৈছে এক অতি পাতল ৰঙৰ জাৰ্চি। অষ্ট্ৰেলিয়াত বিশ্বকাপ আৰম্ভ হোৱাৰ এমাহ পূৰ্বে মুকলি কৰা হৈছিল এই জাৰ্চি। প্ৰসংগক্ৰমে কিছুদিন পূৰ্বে ভাৰতীয় দলৰ জাৰ্চি পৃষ্ঠপোষক এম পি এল এয়ে ইংগিত দিছিল যে ৰোহিত ব্ৰিগেডে নতুন জাৰ্চি পিন্ধি বিশ্বকাপত খেলিব।

বিচিচিআইয়ে টুইট কৰি এই নতুন জাৰ্চিৰ ছবি প্ৰকাশ কৰিছে। য’ত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰে এই জাৰ্চি পৰিধান কৰা দেখা গৈছে। তেওঁলোকৰ লগত আছে হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ, শ্বেফালী ভাৰ্মা আৰু ৰেণুকা সিং।

You might also like