নতুন কাৰিকৰী পদ্ধতিৰে পথ পকীকৰণঃ বজালীৰ কাৱৈমাৰীত কোল্ড মিক্স টেকনলজীৰ কৰ্মশালা
নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ “ৰাজ্যৰ লোকনিৰ্মাণ বিভাগৰ বিশেষকৈ প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ পথসমুহ পকীকৰণত শীঘ্ৰেই নতুন কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰা হব। প্ৰতি বছৰে বানে ধ্বংস কৰা পথ সমুহৰ আয়ুস যাতে বৃদ্ধি কৰিব পাৰি তাৰ পৰিকল্পনাৰে আৰু পথ নিৰ্মাণৰ কাম প্ৰদুষণ মুক্ত কৰিবৰ কাৰনে ব্যৱহাৰ হব এই নতুন টেকনলজি৷” এই মন্তব্য অসমৰ লোকনিৰ্মাণ বিভাগৰ বিশেষ সচিব দীপজ্যোতি চহৰীয়াৰ৷ আজি বজালী জিলাত নতুনকৈ সংযোজিত হোৱা সৰুক্ষেত্ৰী সমষ্টিৰ কাৱৈমাৰীৰ শ্ৰীশ্ৰীলক্ষ্মী পুজাথলীত কোল্ড মিক্স টেকনলজিৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়৷ দেশৰ কেবাখনো জিলাৰ মুখ্য অভিযন্তাসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত চৰহীয়াই কয় যে যি সমুহ পথ, বিশেষকৈ সৰুক্ষেত্ৰীৰ দৰে অতি দ সমষ্টিৰ পথসমুহ পকীকৰণৰ লগতে পথসমুহ যাতে পানীৰ তলত বুৰ যাব নোৱাৰে তাৰো ব্যবস্থা গ্ৰহণ কৰা হব৷ লোক নিৰ্মাণ বিভাগৰ পাটাছাৰকুছি-ভৱানীপুৰ-সৰুক্ষেত্ৰী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ কৰ্মশালা জনপ্ৰিয় কন্ঠশিল্পী কাকুমনি বৰুৱাৰ দ্বাৰা বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা হয়৷ উল্লেখ্য যে ইতিমধ্যেই দেশৰ বহুকেইখন ৰাজ্যই এই কোল্ড মিস্ক টেকন’লজিৰ ব্যৱহাৰ কৰি সুফল লাভ কৰাৰ বাবে সেই ৰাজ্যসমূহৰ অভিজ্ঞতাসম্পন্ন অভিযন্তাসকলৰ উপস্থিতিত এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। কাৰন এতিয়াৰে পৰা অসমটো কোল্ড মিক্স টেকনলজিৰে প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ পথসমূহ নিৰ্মাণ কৰা হব। সৰুক্ষেত্ৰী সমষ্টিৰ বাগনাৰ পৰা হাঠিনাপুৰ হৈ কাৱৈমাৰী ৰিজাৰ্ভলৈ যোৱা পথটোৰ ওপৰত অনুষ্ঠিত এই কৰ্মশালাত ৰাজ্যিক লোকনিৰ্মাণ বিভাগৰ বিশেষ সচিব চহৰীয়াৰ লগতে মুখ্য অভিযন্তা আলোকজ্যোতি দাস, গ্ৰামীণ বিকাশ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ললিত কুমাৰ, হিমাচল প্ৰদেশৰ মুখ্য অভিযন্তা এন পি সিং, মধ্য প্ৰদেশৰ প্ৰফেচাৰ একে সিংহালকে আদি কৰি কেবাখনো ৰাজ্যৰ অভিযন্তাসকল উপস্থিত থাকে। অতি গাম্ভীৰ্যপূৰ্ণ কৰ্মশালাখনত বিভাগটোৰ অধীক্ষক অভিযন্তা ভাৰত দাস, কাৰ্যবাহী অভিযন্তা খনিন বড়ো, সহকাৰী কাৰ্যবাহী অভিযন্তা কৌশিক শৰ্মা, ইনামুল আহমেদ আদিৰ উপৰি অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰকঃ কল্যাণ কলিতা